ডিজিটেল ডেস্ক: ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৯০০০ ৰানৰ ক্লাবত প্রৱেশ কৰিছে। দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত সেই কৃতিত্ব অর্জন কৰে তাৰকা বেটাৰগৰাকীয়ে। এদিনীয়াত ৯০০০ অথবা ততোধিক ৰান কৰা ছগৰাকী অ'পেনাৰৰ তালিকাত স্থান লাভ কৰে ৰোহিতে।
সেই এলিট তালিকাত আছে আন দুগৰাকী ভাৰতীয় ক্রিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলী। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত আজিৰ খেলখনত নমাৰ আগেয়ে সেই মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ ৰোহিতক মাথোঁ ১ ৰানৰ প্ৰয়োজন আছিল।
চেম্পিয়নছ ট্ৰফীত ইয়াৰ আগেয়ে বাংলাদেশৰ বিৰুদ্ধে খেলখনত ৰোহিতে এদিনীয়াত ১১,০০০ ৰান পূৰ কৰিছিল। ৰোহিত তেনেদৰেই বিৰাট কোহলীৰ পাছত সেই অভিলেখ স্পর্শ কৰা দ্বিতীয় দ্রুততম বেটাৰত পৰিণত হয়।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment