• আইপিএলঃ কেতিয়ালৈ সুস্থ হ’ব সূৰ্যকুমাৰ যাদৱ? উৎকণ্ঠা বাঢ়িছে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত

    ক্ৰীড়া
    আইপিএলঃ কেতিয়ালৈ সুস্থ হ’ব সূৰ্যকুমাৰ যাদৱ? উৎকণ্ঠা বাঢ়িছে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত
    ডিজিটেল ডেস্কঃ সূৰ্যকুমাৰ যাদৱৰ অবিহনে খেলিব লাগিব মুম্বাই ইণ্ডিয়ানছ। এতিয়াও তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এতিয়াও বিশ্বৰ এক নম্বৰ টি-২০ বেটছমেনগৰাকীক খেলিবলৈ ক্লিয়াৰেন্স দিয়া নাই। তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছে।

     ব’ৰ্ডৰ এজন বিষয়াই কয়, ‘সূৰ্য্যকুমাৰ অতি সোনকালে সুস্থ হৈ উঠিছে। কিন্তু তেওঁ হয়তো আৰু কেইখনমান মেচ খেলিব নোৱাৰিব। সূৰ্যকুমাৰ অতি সোনকালে মুম্বাই দললৈ ঘূৰি আহিব।"

    আহি আছে টি-২০ বিশ্বকাপ। তাৰ আগতে ব’ৰ্ডে বিশ্বৰ এক নম্বৰ বেটছমেনক খৰখেদা কৰিব নিবিচাৰে। ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। 

    ৩৩ বছৰীয়া সূৰ্য্যই ভাৰতৰ হৈ ৬০খন টি-২০ মেচ খেলিছে। শেষবাৰৰ বাবে তেওঁক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি থকা দেখা গৈছিল। তেওঁৰ ষ্ট্ৰাইক ৰেট ১৭১.৫৫। টি-২০ত সূৰ্য্যকুমাৰে ২১৪১টা আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও তেওঁ চাৰিটা শতক অৰ্জন কৰে।