ডিজিটেল ডেস্কঃ উশ্বুৰ জড়িয়তে অসমে চলিত ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয়ৰ অভিযান আৰম্ভ কৰিছে৷ ডেৰাডুনৰ কাঞ্চনজংঘা হলত অনুষ্ঠিত উশ্বুত আজি অসমে এটা ৰূপৰ পদক লাভ কৰাৰ লগতে তিনিটা ব্ৰঞ্জ পদক জয় কৰাটোও নিশ্চিত হৈছে৷
অসমৰ আন্তৰ্জাতিক খেলুৱৈ ছানমা ব্ৰহ্মই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ তৃতীয় দিনটোত ৰাজ্যক প্ৰথমটো পদক দিবলৈ সক্ষম হয়৷ টাওলু ইভেণ্টত ৯.০৮ পইণ্ট অৰ্জন কৰি ক্ৰমাগত তৃতীয়খন ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয়ৰ সফলতা লাভ কৰে ছানমাই৷ উল্লেখ্য যে ইয়াৰপূৰ্বে বিগত গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াতো ছানমাই ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিল৷
ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি চীনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ গৌৰৱ লাভ কৰা কোকৰাঝাৰ জিলাৰ ছানমাই ২০২৩ চনত মস্কোত হোৱা আন্তৰ্জাতিক উশ্বুত দেশৰ হৈ দুটাকৈ পদক অৰ্জন কৰিছিল৷ আনহাতে, ২০১৮ ৰ পৰা তেওঁ ধাৰাবাহিকভাবে দেশক বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি আহিছে৷ চলিত ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম অলিম্পিক সন্থাই ছানমাক উদ্বোধনী অনুষ্ঠানৰ এথলীট পেৰেডত ৰাজ্যৰ ধ্বজাবাহক ক্ৰীড়াবিদৰূপেও সন্মানিত কৰিছিল৷
ইফালে, ছানমাৰ ৰূপৰ পদক জয়ৰ সাফল্যৰ পাছতে উশ্বুত অসমে আৰু তিনিটা পদক জয় নিশ্চিত কৰিছে৷ মহিলাৰ ৪৫ কিলোগ্ৰাম ছান্দা ফ্ৰী ষ্টাইলত প্ৰিয়া বড়ো, ৭৫ কিলোগ্ৰাম ছান্দা ফ্ৰী ষ্টাইলত খুড্ৰা পাংয়িং আৰু ৫৬ কিলোগ্ৰাম ছান্দা ফ্ৰী ষ্টাইলত ইলিনা ৰাভাই ছেমিফাইনেলত প্ৰৱেশ কৰি অতিকমেও ব্ৰঞ্জ জয় নিশ্চিত কৰিছে৷ কাইলৈ হ’ব লগা ছেমিফাইনেলত খুড্ৰাই পঞ্জাৱৰ বিৰুদ্ধে তথা প্ৰিয়াই মধ্য প্ৰদেশৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব৷ উল্লেখ্য যে উশ্বুৰ জড়িয়তে বিগত দুখন ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ আঠটা পদক লাভ কৰিছে৷ গুজৰাটত তিনিটা তথা গোৱাত পাঁচটা পদক অসমৰ উশ্বু খেলুৱৈয়ে অৰ্জন কৰিছিল৷
ইফালে, অসমৰ মহিলা বেডমিণ্টন দলে ছেমিফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰাটো নিশ্চিত কৰিছে৷ কাইলৈ অসমে আয়োজক উত্তৰাখণ্ডৰ বিৰুদ্ধে ছেমিফাইনেল খেলিব৷ উল্লেখ্য যে বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা দলে সোণ লাভ কৰি ইতিহাস গঢ়িছিল৷ কিন্তু এইবাৰ অস্মিতা চলিহাৰ আঘাতে দলটোক দুৰ্বল কৰিছে৷ হাৰিয়ানাৰ বিৰুদ্ধে অসম ৪-১ ত পৰাস্ত হয়৷ কিন্তু পইণ্টৰ ব্যৱধানৰে গ্ৰুপ দ্বিতীয় দলৰূপে ছেমিফাইনেলত প্ৰৱেশ কৰি অতিকমেও ব্ৰঞ্জ লাভ কৰাটো নিশ্চিত কৰিছে৷
কিন্তু অসমৰ মহিলা বীচ্ছ হেণ্ডবল দলৰ যাত্ৰা আজি পদক জয় অবিহনে অন্ত পৰে৷ ছেমিফাইনেলত ৫-৪ ৰ পেনাল্টি গলৰ ব্যৱধানত অসম কেৰালাৰ বিৰুদ্ধে পৰাস্ত হয়৷ আনহাতে, ব্ৰঞ্জ পদকৰ মেচত চত্তিছগড়ে ২-০ ত পৰাস্ত কৰে অসমক৷ আজিৰ পৰা আৰম্ভ হোৱা ভাৰোত্তোলনতো মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত অসমৰ পঞ্চমী সোণোৱাল আৰু বৰ্ণালী বৰুৱাই শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাত বিফল হয়৷ কাইলৈ দুই তাৰাকা ভাৰোত্তোলক সিদ্ধান্ত গগৈ আৰু দিতিমনি সোণোৱালে খেলিব৷ গোৱাত উভয়ে পদক জয় কৰিছিল৷
ইফালে, আজি অসমৰ পুৰুষ ফুটবল দলে গ্ৰুপৰ প্ৰথম মেচত গোৱাক ৩-২ গলত পৰাস্ত কৰি শক্তিশালী আভিযান আৰম্ভ কৰিছে৷ মেচখনত অসম ২-০ গলত পিছ পৰি থকাৰ পাছতো অনন্য খেলেৰে প্ৰত্যাবৰ্তন কৰি গুৰুত্বপূৰ্ণ জয় অৰ্জন কৰে৷ খেলৰ ১২ মিনিটত অসমৰ ডিডৱম হাজোৱাৰীৰ আত্মঘাটি গলৰ জড়িয়তে গোৱাই প্ৰথমে অগ্ৰগতি লয়৷ আনহাতে, ১৭ মিনিটত পিণ্টোৰ গলৰ সহায়ত গোৱাৰ অগ্ৰগতি ২-০ হয়৷ কিন্তু তাৰপাছতে অসমে মেচৰ গতি সলনি কৰি দিয়ে৷ ২২ মিনিটত আক্ৰাং নাৰ্জাৰীয়ে গল কৰি ব্যৱধান ২-১ কৰাৰ পাছত ৪২ মিনিটত বিষ্ণু বৰদলৈৰ গলেৰে অসমে সমতা স্থাপন কৰে৷ আনহাতে, ৮৪ মিনিটত অসমৰ হৈ বিজয়সুচক গলটো কৰে দীপু মিৰ্ধাই৷ অসমে গ্ৰুপৰ দ্বিতীয়খন মেচ অহা এক ফ্ৰেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ বিৰুদ্ধে খেলিব৷
ইফালে, অসমৰ আন্তৰ্জাতিক শ্বুটাৰ হৃদয় হাজৰিকাই আজি ১০ মিটাৰ এয়াৰ ৰাইফলছৰ কোৱালিফায়িং ৰাউণ্ডত ৬৩০.২ পইণ্টৰে সপ্তম স্থানত থাকি ফাইনেলত প্ৰৱেশ কৰিছে৷ কাইলৈ পদকৰ ফাইনেল ৰাউণ্ডত অৱতীৰ্ণ হ’ব হৃদয়৷ আনহাতে, আজিৰ পৰা আৰম্ভ হোৱা স্ক’ৱাছৰ ব্যক্তিগত শাখাৰ মেচত অসমৰ মনশ্ৰী ৰাৱটে ৰাজস্থানৰ প্ৰতিদ্বন্দ্বীক তথা ঈশান জৈনে হাৰিয়ানৰ খেলুৱৈক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ বিপৰীতে ট্ৰাইথলনত পদক অবিহনে যাত্ৰা সামৰিলে অসম দলে৷
Leave A Comment