ডিজিটেল ডেস্ক: শেহতীয়াকৈ ফৰ্মৰ বাবে যুঁজ-বাগৰ চলাই থকা বিৰাট কোহলী কালি এক অভিলেখৰ গৰাকী হৈছে।
ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ আজিৰ খেলখনতে কোহলীয়ে এদিনীয়া আন্তর্জাতিকত দ্রুত গতিত ১৪,০০০ ৰান পূৰ কৰা বেটাৰত পৰিণত হয়। কোহলীয়ে ২৮৭টা ইনিংছত সেই মাইলৰ খুঁটিত উপনীত হয় আৰু তেনেদৰেই কিংবদন্তি শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে।
শচীনে ৩৫০টা ইনিংছত, শ্রীলংকাৰ কুমাৰ ছাংগাক্কাৰাই ৩৭৮টা ইনিংছত ১৪,০০০ ৰান গোটাইছিল। কালিৰ খেলখনত নমাৰ আগেয়ে কোহলীক ১৪,০০০ ৰানৰ ক্লাবত প্রৱেশ কৰিবলৈ মাথোঁ ১৫ ৰানৰ প্ৰয়োজন আছিল। পাকিস্তানৰ বিৰুদ্ধে খেলখনত কোহলী আন এক ৰেকৰ্ডৰ গৰাকী হয়। মহম্মদ আজহাৰউদ্দিনৰ ১৫৬টা কেচৰ অভিলেখ ম্লান কৰে কোহলীয়ে। তেওঁ কুলদীপ যাদৱৰ বলত নাছিম শ্বাহৰ কেচ আয়ত্ত কৰি নিজৰ কেচৰ সংখ্যা ১৫৭টালৈ বৃদ্ধি কৰে। ইয়াৰ পাছত খুছদিল শ্বাহক আউট কৰি ফিল্ডিঙত চিকাৰৰ সংখ্যা ১৫৮টালৈ বৃদ্ধি কৰে কোহলীয়ে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment