• ফুটবলৰ পাছত এইবাৰ ভিন্ন খেলত এমবাপেৰ বিনিয়োগ

    ক্ৰীড়া
    ফুটবলৰ পাছত এইবাৰ ভিন্ন খেলত এমবাপেৰ বিনিয়োগ
    ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ বিশ্ব কাপ জয়ী ফৰৱাৰ্ড কিলিয়ান এমবাপেই ফুটবল ক্লাব ক্রয় অথবা তাত নিজৰ শ্বেয়াৰ বিনিয়োগ কৰা চখ পূৰ্ণ কৰিছে। এইবাৰ তেওঁ নিজকে বেলেগ খেলৰ সৈতে জড়িত কৰিছে।

    ৰিয়েল মাদ্রিদৰ তাৰকাগৰাকীয়ে ফর্মুলা বান অব দ্য ছিজ' নামেৰে জনাজাত 'মার্চাইল ফর্মুলা ১' প্রতিযোগিতাত অংশগ্রহণ কৰা ফ্রান্স চেইলজিপি দলত বিনিয়োগ কৰিছে। প্রতিযোগিতাখনত বিশ্বৰ ১২টা দলে অংশ লয়। ফুটবলৰ বাহিৰত এমবাপেৰ বাণিজ্যিক কাৰ্যকলাপৰ তদাৰক কৰে তেওঁৰ কে এম ফাউণ্ডেশ্যন আৰু বিনিয়োগ সংস্থা কোৱালিশ্যন কেপিটেলে।

     শেহতীয়াকৈ কে এম ফাউণ্ডেশ্যনে এমবাপেৰ এই নতুন বিনিয়োগৰ কথা প্রকাশ কৰে। বিশ্বৰ অন্যতম ধনী খেলুৱৈ এমবাপেই ইয়াৰ আগেয়ে জার্মানিৰ প্ৰযুক্তি প্রতিষ্ঠান ল'ৱে আৰু বিলাসী ঘড়ীৰ খুচুৰা বিক্রেতা প্রতিষ্ঠান ৰিষ্টৱাচত বিনিয়োগ কৰিছিল। ইয়াৰ উপৰি ফ্ৰান্সৰ দ্বিতীয় স্তৰৰ প্রতিযোগিতাত এমবাপেই ফেন ক্লাবৰ মালিকীসত্ত্বও গ্ৰহণ কৰিছে। ফৰাচী তাৰকাগৰাকীয়ে ইয়াতেই ক্ষান্ত নাথাকি নতুন মঞ্চ হিচাপে সমুদ্ৰৰ ৰেচিং প্রতিযোগিতাতো নিজকে জড়িত কৰিলে।

    উৎসঃ দৈনিক জনমভূমি