• ক্ৰিকেট কেৰিয়াৰৰ অৱসৰ ঘোষণা ষ্টুৱাৰ্ট ব্ৰ’ডৰ! ইংলেণ্ডৰ অন্যতম সফল ফাষ্ট বলাৰগৰাকীক 'কিংম্বদন্তি’ আখ্যা যুৱৰাজ সিঙৰ

    ক্ৰীড়া
    ক্ৰিকেট কেৰিয়াৰৰ অৱসৰ ঘোষণা ষ্টুৱাৰ্ট ব্ৰ’ডৰ! ইংলেণ্ডৰ অন্যতম সফল ফাষ্ট বলাৰগৰাকীক 'কিংম্বদন্তি’ আখ্যা যুৱৰাজ সিঙৰ
    ডিজিটেল ডেস্কঃ ২০০৭ চনত যুৱৰাজ সিঙে ষ্টুয়াৰ্ট ব্ৰডৰ কেৰিয়াৰ প্ৰায় শেষ কৰি দিছিল। টি-২০ বিশ্বকাপৰত তেওঁ ইংৰাজ পেচাৰগৰাকীৰ এটা অভাৰত ছয়টা ছয় মাৰিছিল। প্রথম টি-২০ বিশ্বকাপত যুৱৰাজে কৰা এই তাণ্ডৱ ক্ৰিকেটপ্ৰেমীসকলে এতিয়াও পাহৰিব পৰা নাই। সেই সময়ত ষ্টুৱাৰ্ট ব্ৰড তৰুণ আছিল।

    সেই ব্র’ডে ৩৭ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাবলৈ ওলাইছে। এই পৰ্যন্ত টেষ্টত ৬০০ টা উইকেট দখল কৰিছে তেওঁ। বগা বল ক্ৰিকেটত ২৪৩টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছে। ইংলেণ্ডৰ অন্যতম সফল বলাৰগৰাকীয়ে শনিবাৰে কয় যে অ’ভেলত তেওঁ শেষৰখন টেষ্ট খেলিবলৈ উলাইছে।

    এই ঘোষণাৰ পাছতে দেওবাৰে যুৱৰাজে টুইট কৰি কয়, “চেলুট টু ইউ ব্ৰড। দূৰ্দান্ত কেৰিয়াৰ তোমাৰ। ৰেডবল ক্ৰিকেটৰ অন্যতম ভয়ংকৰ বলাৰ। এজন কিংবদন্তি। তোমাৰ ক্ৰিকেট কেৰিয়াৰ আৰু আকাংক্ষা আনৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হ’ব। পৰৱৰ্তী ইনিংছৰ বাবে শুভকামনা থাকিল।”

    ইতিমধ্যে সীমিত অভাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ লৈছে ব্ৰডে। টি২০ বিশ্বকাপৰ সেই মুহূৰ্তটোৰ বিষয়ে সুঁৱৰি ব্ৰডে এনেদৰে কয়- “সেই দিনটো সঁচাকৈয়ে কঠিন আছিল। মোৰনো বয়স কিমান আছিল? ২১, ২২! সেই মেচৰ পিছত মই বহুত শিকিলোঁ।’’

    ইংলেণ্ডৰ হৈ ১৬৬খন টেষ্ট মেচত ব্ৰডে ২০ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰে। তিনিবাৰকৈ ১০টা উইকেট দখল কৰে। ২০০৬ চনত ব্ৰডে বগা বল ক্ৰিকেটত অভিষেক ঘটায়। ২০০৭ চনৰ পৰা তেওঁ টেষ্ট খেলিবলৈ আৰম্ভ কৰে। ১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাবলৈ ওলাইছে ব্ৰডে।