• ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত বেটিঙেৰে শতক অৰ্জন অভিষেক শৰ্মাৰ

    ক্ৰীড়া
    ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত বেটিঙেৰে শতক অৰ্জন অভিষেক শৰ্মাৰ
    ডিজিটেল ডেস্কঃ অভিষেক শৰ্মাই ৰচিলে ইতিহাস । ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত শতক অৰ্জন কৰিছে অভিষেক শৰ্মাই । ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা ছিৰিজৰ পঞ্চমখন খেলত অভিষেকেৰ আচৰিত প্ৰদৰ্শন। মাত্ৰ ৩৭টা বলত তেওঁ শতক সম্পূৰ্ণ কৰে। ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা অভিষেক দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। টিম ইণ্ডিয়াৰ হৈ ৩৫টা বলত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ ৰোহিত শৰ্মা।

    মুম্বাই টি-২০ খেলত ভাৰতৰ হৈ অ’পেনাৰ হিচাপে আহিছিল অভিষেক। এই সময়লৈকে তেওঁ ৩৯টা বলত ১০১ ৰান সংগ্ৰহ কৰিছে। অভিষেকৰ ইনিংছত ৫টা চাৰি আৰু ১০টা ছয় কৰিছে। অভিষেকৰ বাবেই বিস্ফোৰক আৰম্ভণি লাভ কৰিলে টিম ইণ্ডিয়াই। অভিষেকে পাৱাৰ প্লে’ৰ সময়তে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছিল। ইয়াৰ পাছতে খেলখনৰ ১১ অভাৰত শতক সম্পূৰ্ণ কৰে।

    টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেকৰ এয়া দ্বিতীয় শতক। ভাৰতৰ হৈ এই ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰিছে ৰোহিত শৰ্মাই। ৫টা শতক অৰ্জন কৰিছে ৰোহিতে। ৪ শতকৰে দ্বিতীয় স্থানত আছে সূৰ্যকুমাৰ যাদৱ। টিম ইণ্ডিয়াৰ হৈ সঞ্জু চেমছনে ৩টা শতক অৰ্জন কৰিছে। তিলক বৰ্মা, কে এল ৰাহুল আৰু অভিষেকে দুটাকৈ শতক অৰ্জন কৰিছে।

    ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুত টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ অভিলেখ পঞ্জীয়ন হৈছে ৰোহিত শৰ্মাৰ নামত। ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰিছিল ৰোহিতে। অৱশ্যে এই অভিলেখ ভংগ কৰিব নোৱাৰিলে অভিষেকে। জিম্বাবুৱেৰ বিৰুদ্ধে ৩৩টা বলত শতক অৰ্জন কৰিছে ছিকন্দৰ ৰাজাই। তেওঁ গাম্বিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰে ৩৫টা বলত শতক অৰ্জন কৰিছে।

    আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা খেলুৱৈ -

    ৩৫ বল - ডেভিদ মিলাৰ বনাম বাংলাদেশ, পটচেফষ্ট্ৰুম ২০১৭
    ৩৫ বল - ৰোহিত শৰ্মা বনাম শ্ৰীলংকা, ইন্দোৰ ২০১৭
    ৩৭ বল - অভিষেক শৰ্মা বনাম ইংলেণ্ড ৱানখেদে ২০২৫
    ৩৯ বল - জনছন চাৰ্লছ বনাম দক্ষিণ আফ্ৰিকা, চেঞ্চুৰিয়ান ২০২৩
    ৪০ বল - সঞ্জু চেমচন বনাম বাংলাদেশ, হায়দৰাবাদ ২০২৪