• আইপিএলঃ ১২টা বলতে ৩৭ ৰান! আইপিএলত চমক সৃষ্টি কৰা অভিষেক শৰ্মাই জনালে সফলতাৰ আঁৰত কোন

    ক্ৰীড়া
    আইপিএলঃ ১২টা বলতে ৩৭ ৰান! আইপিএলত চমক সৃষ্টি কৰা অভিষেক শৰ্মাই জনালে সফলতাৰ আঁৰত কোন
    ডিজিটেল ডেস্কঃ বেটিঙৰ আৰম্ভণিতে যি ধুমুহা সৃষ্টি কৰিছিল, সেই ধুমুহাই সৃষ্টি কৰিছিল জয়ৰ ভেটি। ইনিংছৰ আৰম্ভণিতেই তেওঁৰ বিস্ফোৰক ৩৭ ৰাণেৰে চেন্নাইৰ বিৰুদ্ধে হায়দৰাবাদে জয়লাভ কৰে। হায়দৰাবাদৰ অভিষেক শৰ্মাই খেলৰ অন্তত তিনিজন ব্যক্তিক ক্ৰেডিট দিয়ে। তেওঁ কয় যে এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ যুৱৰাজ সিং আৰু ব্রায়ান লাৰা৷

    শুকুৰবাৰে অভিষেকে মাত্ৰ ১২টা বলত ৩৭ ৰান সংগ্ৰহ কৰে। এটা অভাৰৰ পৰা ২৭ ৰান সংগ্ৰহ কৰে মুকেশ চৌধুৰীৰ বলত। তাতেই বিজয়ৰ ভেটি সৃষ্টি হয়। সেই অভিষেক মেচখনৰ পিছত তেওঁ কয়, ‘ডাঙৰ ৰান সংগ্ৰহ কৰিলে ভাল লাগে। কিন্তু এই মেচখনত মই পৰিস্থিতিৰ কথা ভাবি খেলিলোঁ। আশাকৰোঁ পৰৱৰ্তী মেচত আৰু সময় খেলিব পাৰিম। কঠোৰ পৰিশ্ৰমৰ বাবেই সফলতা পালোঁ। ক্ৰেডিট মোৰ দেউতা, ইউভি পাজি আৰু ব্রায়ান লাৰাৰ।”

    অভিষেকে কয় যে পাৱাৰ প্লে’ত ৰান অধিক গুৰুত্বপূৰ্ণ। লেহেমীয়া পিটচ হোৱাৰ বাবেই সহায় হোৱা বুলিও তেওঁ স্বীকাৰ কৰে। অভিষেকে কয়, ‘মই অনুভৱ কৰিছিলো যে উইকেটটো যথেষ্ট লেহেমীয়া হৈছে। গতিকে আমি পাৱাৰ প্লে’ৰ সদ্ব্যৱহাৰ কৰিব বিচাৰিছিলো। আই পি এলৰ ভালদৰে প্ৰস্তুতি। মই জানিছিলোঁ উইকেটটো লেহেমীয়া হ’ব। গতিকে বলাৰজনৰ ওপৰত হেঁচা দিয়াৰ বাহিৰে আন কোনো বিকল্প নাছিল।’