ডিজিটেল ডেস্কঃ মেক্সিকোত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ ফাইনেলত ভাৰতৰ এছ ৰিকাৰ্ভ ধনুৰ্বিদ দীপিকা কুমাৰীয়ে পঞ্চমটো ৰূপৰ পদক লাভ কৰে। স্বৰ্ণ জয়ৰ মেচত চীনৰ লি জিয়ামানৰ হাতত পোনপটীয়া ছেটত (০-৬) পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয় দীপিকা কুমাৰী ৷
২০২২ চনৰ ডিচেম্বৰ মাহত কন্যাৰ জন্মৰ পিছত বিশ্বকাপৰ ফাইনেললৈ ঘূৰি অহা চাৰিবাৰৰ অলিম্পিয়ান দীপিকাই আঠজন ধনুৰ্বিদৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিল। ছেমি ফাইনেললৈকে দীপিকাই কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল যদিও স্বৰ্ণ পদকৰ মেচত পেৰিছ অলিম্পিকৰ দলীয় ইভেণ্টত জিয়ামানৰ হাতত পৰাস্ত হৈছিল। দীপিকাই নৱমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেললৈ উভতি আহিল। ২০০৭ চনত ডুবাইত প্ৰথম স্থান লাভ কৰাৰ সময়ত বিশ্বকাপৰ ফাইনেলত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল কেৱল ডোলা বেনাৰ্জীয়ে।
পুৰুষৰ ৰিকাৰ্ভ শাখাত ধীৰাজ বোম্মাদেৱৰা ৪-২ত আগবাঢ়ি থকাৰ পাছতো প্ৰথম ৰাউণ্ডত পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী দক্ষিণ কোৰিয়াৰ লি ৱু চেকৰ হাতত পৰাস্ত হয়। পাঁচজনীয়া ভাৰতীয় দলটোত আছিল তিনিজন কম্পাউণ্ড আৰু দুজন ৰিকাৰ্ভ আৰ্চাৰ। ভাৰতৰ হাতলৈ আহিল মাত্ৰ এটা পদক ৷
Leave A Comment