• সুখবৰ অসমৰ ক্ৰীড়া জগতলৈ! ১৭ অনূৰ্ধ্বৰ ভাৰতীয় ক্ৰিকেট দলত স্থানলাভ পৰীক্ষিত চুতীয়াৰ

    ক্ৰীড়া
    সুখবৰ অসমৰ ক্ৰীড়া জগতলৈ! ১৭ অনূৰ্ধ্বৰ ভাৰতীয় ক্ৰিকেট দলত স্থানলাভ পৰীক্ষিত চুতীয়াৰ
    ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ৷ ৰাজ্যখনত বিৰাজ কৰিথকা উত্তেজনাম পৰিৱেশৰ মাজতে অসমবাসীলৈ সুখবৰ কঢ়িয়াই  আনিছে ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াই৷ ১৭ বছৰ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দলৰ বি টীমত স্থানলাভ কৰিছে ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াই৷

    নেপালত অনুস্থিত হব লগা 3rd Indo-Nepal T20 Friendship Cup 2024-2025 ৰ ১৭ বছৰ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ বি টীমত ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াই স্থান লাভ কৰাৰ লগতে সহঅধীনায়ক হিচাপে নিৰ্বাচিত হোৱাত উৎফুু্ল্লিত হৈ পৰিছে সমগ্ৰ ঢকুৱাখনা বাসীৰ লগতে পৰীক্ষিত জন্ম গাঁও ২ নং কুৰৈগুৰি৷ 

    সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ন কুৰৈগুৰি গাঁৱৰ প্ৰেম ( ভামুক ) চুতীয়া আৰু নিৰ্মালি পেগুৰ পুত্ৰ পৰীক্ষিতৰ এনে সফলতাকলৈ এতিয়া আনন্দৰ জোৱাৰ উঠিছে পৰিয়ালৰ লগতে  অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী সকলৰ মাজত৷

    গুৱাহাটী খানাপাৰাৰ লিটিল ষ্টাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ উইকেট কীপাৰ বেটচমেন পৰীক্ষিত চুতীয়াৰ এনে সফলতাত ঢকুৱাখনাৰ কুৰৈগুৰি বাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয়৷পৰীক্ষিতৰ অনাগত খেলুৱৈ জীৱনৰ সফলাতা কামনা কৰিছে অঞ্চলবাসীয়ে৷