• আইপিএলৰ পাছতে ঘৰলৈ লখিমী চপাব ৰাহুলে, পৰিয়ালৰ পৰাও আহিছে সেউজ সংকেত

    ক্ৰীড়া
    আইপিএলৰ পাছতে ঘৰলৈ লখিমী চপাব ৰাহুলে, পৰিয়ালৰ পৰাও আহিছে সেউজ সংকেত
    ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ উন্মাদনা এতিয়াও মাৰ যোৱা নাই। ইয়াৰ মাজতে বলীউডত আন এখন বিয়াৰ গুঞ্জন উঠিছে। এইবাৰ ক্ৰিকেটাৰ আৰু অভিনেত্ৰীৰ বিবাহৰ খবৰে আলোড়নৰ সৃষ্টি কৰিছে গ্লেমাৰ জগতত। খবৰ অনুসৰি, চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে বিবাহপাশত আৱদ্ধ হ'ব কেএল ৰাহুল-আথিয়া ছেট্টী।

    উল্লেখ্য যে, সুনীল ছেট্টীৰ জীয়ৰী আথিয়াৰ সৈতে কেইবাবছৰ ধৰি ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ তথা লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ অধিনায়ক কেএল ৰাহুলে সম্পৰ্কত আছে। দুয়োজনে একেলগে ছ’চিয়েল মিডিয়াত আলোকচিত্ৰ পোষ্ট কৰাও দেখি আহিছে অনুৰাগীয়ে। অলপতে ৰাহুলে ৩০ বছৰত ভৰি দিলে। ৰাহুক সাবটি আথিয়াই এখন ফটো পোষ্ট কৰি তেওঁৰ প্ৰতি থকা অফুৰন্ত প্ৰেম প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়াত।

    উল্লেখ্য যে, আথিয়াই ২০১৫ চনত 'হিৰো' ছবিৰ জৰিয়তে বলীউডত অভিনয়ৰ আৰম্ভণি কৰিছিল। তাৰপাছত সুনীল তনয়াই দুখন চলচ্চিত্ৰত অভিনয় কৰিছে। এখন চলচ্চিত্ৰত এটা কেমিঅ' চৰিত্ৰত দেখা গৈছিল সুনীল কন্যাক। কিন্তু ৰাহুলৰ সৈতে থকা সম্পৰ্কৰ বাবে কেইবাবাৰো বাতৰিৰ শিৰোনাম দখল কৰিছে আথিয়াই। আথিয়াৰ পৰিয়ালৰ সৈতেও ভাল সম্পৰ্ক আছে ৰাহুলৰ। ৰাহুলৰ সফলতাক লৈ একাধিকবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে সুনীল ছেট্টীক। শুনিবলৈ পোৱা গৈছে যে, ৰাহুল-আথিয়াই তেওঁলোকৰ সম্পৰ্কক এক নতুন পৰিচয় দিয়াবলৈ আগবাঢ়িছে। দুয়োৰে পৰিয়ালৰ পৰাও আহিছে সেউজ সংকেত।  মাংগালোৰৰ বাসিন্দা সুনীল ছেট্টীৰ পৰিয়াল। ৰাহুলৰ পৰিয়ালৰ ঘৰো মাংগালোৰতে। দুয়োৰে বিবাহ দক্ষিণ ভাৰতীয় পৰম্পৰা অনুসৰিয়েই  হ'বলৈ গৈ আছে বুলি জানিবলৈ পোৱা গৈছে। দুয়োটা পৰিয়ালে বিয়াৰ বাবে প্ৰস্তুতি চলাই যোৱা বুলিও খবৰ ওলাইছে।