• বাংলাদেশী খেলুৱৈ ছাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু ; এই গোচৰত জড়িত শ্বেখ হাছিনা আৰু এজন অভিনেতাও

    ক্ৰীড়া
    বাংলাদেশী খেলুৱৈ ছাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু ; এই গোচৰত জড়িত শ্বেখ হাছিনা আৰু এজন অভিনেতাও
    ডিজিটেল ডেস্কঃ বাংলাদেশৰ অলৰাউণ্ডাৰ ক্ৰিকেট খেলুৱৈ ছাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছে। এই গোচৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, অভিনেতা ফিৰদৌছ আহমেদ আৰু ওবাইদুল কোৱাদৰকে ধৰি ১৫৪ জনৰো অভিযুক্ত। ইয়াৰ উপৰিও ৪০০ৰো অধিক অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

    বৰ্তমান ছাকিব আল হাছান পাকিস্তানত আছে। বাংলাদেশৰ টেষ্ট দলৰ অংশ হিচাপে তেওঁ বৰ্তমান ৰাৱালপিণ্ডিত ছিৰিজৰ প্ৰথমখন টেষ্ট মেচ খেলি আছে। 

    ৩৭ বছৰীয়া বিখ্যাত খেলুৱৈ ছাকিবে আজিৰ পৰ্যন্ত বাংলাদেশৰ হৈ ৬৭খন টেষ্ট, ২৪৭খন এদিনীয়া আৰু ১২৯খন টি-২০ মেচ খেলিছে। এই সময়ছোৱাত ছাকিবে টেষ্টত ৪৫০৫ ৰান সংগ্ৰহ কৰাৰ লগতে ২৩৭টা উইকেট দখল কৰিছে। আনহাতে ৱান ডে ইণ্টাৰনেশ্যনেলত ছাকিবৰ নামত ৭৫৭০ ৰান আৰু ৩১৭ উইকেট আছে। লগতে টি-২০ ইণ্টাৰনেশ্যনেলত তেওঁ ২৫৫১ ৰান আৰু ১৪৯ উইকেট দখল কৰিছে।

    জানিব পৰা মতে এই আটাইকেইজনৰ বিৰুদ্ধে কাপোৰৰ দোকানত কাম কৰা ৰুবেল নামৰ এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৫ আগষ্টত এডবৰৰ ৰিং ৰোডত হোৱা প্ৰতিবাদী সমদলত ৰুবেলে অংশগ্ৰহণ কৰে। ৰেলীৰ সময়ত কোনোবাই পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে ৰাইজৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ৰুবেলৰ বুকু আৰু পিঠিত গুলী লাগিছিল। ইয়াৰ বাবেই যোৱা ৭ আগষ্টত চিকিৎসালয়ত চিকিৎসা কৰি থকাৰ সময়তে ৰুবেলৰ মৃত্যু হয়।

    যোৱা জানুৱাৰী মাহত চাকিব আৰু ফিৰদৌছ আৱামি লীগৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ক্ষমতা হেৰুৱাৰ পিছত তেওঁলোক টিকটৰ পৰাও বঞ্চিত হয় ৷

    খেলপথাৰৰ ভিতৰত হওঁক বা বাহিৰত বিতৰ্কৰ বাবে বাংলাদেশৰ এই তাৰকা খেলুৱৈজন প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ গ্ৰাউণ্ড ষ্টাফৰ সৈতে কাজিয়া হৈছিল। খেলুৱৈজনে তাত থকা এজনৰ ফোনটো কাঢ়ি নিবলৈ চেষ্টা কৰিলে আৰু লগতে চৰ মাৰিব বুলিও ভাবুকি দিলে। ইয়াৰ উপৰিও তেওঁ বহুবাৰ খেলপথাৰত বিপক্ষ দলৰ খেলুৱৈ আৰু আম্পায়াৰৰ সৈতেও সংঘৰ্ষত লিপ্ত হৈছে।