• বিশ্বকাপ ক্ৰিকেটঃ এতিয়াও আশা এৰা নাই ছাকিবে! উপৰ্যুপৰি পৰাজয়ৰ পাছতো বিশ্বকাপৰ চেমি ফাইনেললৈ চকু বাংলাদেশী অধিনায়কৰ

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ এতিয়াও আশা এৰা নাই ছাকিবে! উপৰ্যুপৰি পৰাজয়ৰ পাছতো বিশ্বকাপৰ চেমি ফাইনেললৈ চকু বাংলাদেশী অধিনায়কৰ
    ডিজিটেল ডেস্কঃ কেইবাখনো পৰাস্ত হোৱাৰ পাছত ব্যৰ্থতা মানি ল’লে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে। হতাশ হ’লেও এতিয়া তেওঁ হাৰ মানিবলৈ অনিচ্ছুক। তেওঁ বিশ্বকাপৰ ছেমি ফাইনেললৈ যোৱাৰ আশা এৰি দিয়া নাই।

    বাংলাদেশৰ অধিনায়কগৰাকীয়ে কয়, ‘আমি হয়তো বেটিং অৰ্ডাৰৰ শীৰ্ষত মুছফিকুৰ ৰহিম আৰু মাহমুদুল্লাহ ৰিয়াদক অনাৰ কথা ভাবিব লাগিব। দুয়োজনেই ফৰ্মত আছে। কিন্তু বাকীসকলে অধিক দায়িত্ব ল’ব লাগিব।”

    বাংলাদেশৰ অধিনায়কগৰাকীয়ে বিশ্বকাপ কোনে জয়ী হ’ব পাৰে সেই কথাও উল্লেখ কৰে৷ ছাকিবে কয়- ''পৰিস্থিতি হৈছে ভাৰত, নিউজিলেণ্ড বা দক্ষিণ আফ্ৰিকাৰ মাজৰ যিকোনো দলে চেম্পিয়ন হ’ব পাৰে। কিন্তু এতিয়াও বহু খেল বাকী আছে। বহু কথা হ’ব পাৰে।’’

    নিজৰ দলৰ বিষয়ে তেওঁ কয়- ''আমাৰ বহুত শিকিবলগীয়া আছে। ভাল খেলিব লাগিব। আমি ভাল ঠাইত শেষ কৰিব বিচাৰো। ছেমি ফাইনেলত প্ৰৱেশ নকৰিলেও আমি অন্ততঃ প্ৰথম ছটা দলত থাকিব বিচাৰো। কিন্তু এতিয়াও আশা আছে। মই আৰু শক্তিশালী হৈ ঘূৰি আহিম বুলি আশাবাদী।”