• ভাৰত আৰু বাংলাদেশৰ টেষ্ট শৃংখলাত অঘটন; বাংলাদেশীৰ সমৰ্থকক প্ৰহাৰ ভাৰতীয় অনুৰাগীৰ

    ক্ৰীড়া
    ভাৰত আৰু বাংলাদেশৰ টেষ্ট শৃংখলাত অঘটন; বাংলাদেশীৰ সমৰ্থকক প্ৰহাৰ ভাৰতীয় অনুৰাগীৰ
    ডিজিটেল ডেস্ক: কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা দুখন টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল ২৭ ছেপ্টেম্বৰ শুকুৰবাৰে অনুষ্ঠিত খেলখন চলিথাকোতে দুই দেশৰ অনুৰাগীৰ মাজত মনোমালিন্যৰ সৃষ্টি হয়৷ আৰু এজন বাংলাদেশী সমৰ্থক ভাৰতীয় অনুৰাগীৰ প্ৰহাৰত গুৰুতৰভৱে আঘাত প্ৰাপ্ত হয়। 

    জানিব পৰামতে প্ৰতক্ষ্য দৰ্শিসকলে দাবী কৰে যে তেওঁ ভাৰতীয় খেলুৱৈক গালি-গালাজ কৰিছিল তাৰ পাছতেই এই ঘটনা সংঘটিত হৈছে।
    যোৱা কেইবছৰমানৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত ৰোমাঞ্চকৰ প্ৰতিযোগিতা চলি আহিছে। এই প্ৰতিযেগীতাত ভাৰত প্ৰায় প্ৰতিবাৰেই বাংলাদেশতকৈ আগবাঢ়ি আছে।কিন্তু ক্ৰিকেট খেলপথাৰত বাংলাদেশী খেলুৱৈৰ আচৰণত এই পাৰ্থক্য কেতিয়াও পৰিলক্ষিত হোৱা নাই৷ক্ৰিড়াসূলভ মনোভাৱক সন্মান জনাই ভাৰতীয় খেলুৱৈসকলৰ সন্মুখীন হয়।

    কিন্তু অনুৰাগীসকৰ ই আৱেগ নিয়ন্ত্ৰণত কৰাটো কঠিন। এনে পৰিস্থিতিত যদি ভাৰতে বাংলাদেশৰ মুখামুখি হয়, তেন্তে পৰিস্থিত বাংলাদেশী অনুৰাগীৰ হৃদস্পন্দন দ্ৰুত হৈ পৰে। কিয়নো  কাৰণ বাংলাদেশে বহুবাৰ ভৰতৰ হাতত পৰাজয়ৰ মুখ দেখি আহিছে।তেনেস্থলতো বাংলাদেশৰ এজন অনুৰাগীয়ে নিজৰ খেলুৱৈসকলক সহায় কৰিবলৈ কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত উপস্থিত হৈছিল আৰু খেল চলি থাকোতেই এই ঘটনা সংঘটিত হৈছে৷সম্প্ৰতি এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷