ডিজিটেল ডেস্ক: ঘোষণা হ’ল আই পি এল-২০২৫ৰ তাৰিখ৷ ২০২৫ বৰ্ষৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল। চূড়ান্ত খেলৰো দিন ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে৷ ২০২৫ বৰ্ষৰ পৰা ২০২৭ চনলৈকে আই পি এলৰ সুচী ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে।
ইয়াৰ পূৰ্বে ব’ৰ্ডে কেতিয়াও একেলগে আইপিএলৰ তিনি বছৰৰ সূচী একেলগে ঘোষণা কৰা নাই। ডিচেম্বৰ মাহত জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিব। আৰু ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ আগতে আই পি এলৰ আগন্তুক তিনিবছৰৰ তাৰিখ ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰা অনুসৰি ২০২৬ বৰ্ষত আই পি এল আৰম্ভ হ’ব মাৰ্চ মাহৰ ১৫ তাৰিখৰ পৰা আৰু ফাইনেল খেল অনুষ্ঠিত হ’ব ৩১ মে তাৰিখে। ২০২৭ বৰ্ষৰআই পি এল আৰম্ভ হ’ব ১৪ মাৰ্চৰ পৰা ৩০ মেত অনুষ্ঠিত হ’ব ফাইনেল। যিহেতু আগন্তুক তিনি বছৰৰ বাবে আই পি এলৰ তাৰিখ ঘোষণা কৰা হৈছে, সেয়েহে আন্তঃৰাষ্ট্ৰীয় শৃংখলাও সেই ধৰণে ৰাখিব পৰা হ’ব। ব’ৰ্ডে এনে সিদ্ধান্ত লৈছে যাতে কোনো ক্ৰিকেটাৰে আই পি এল খেলিবলৈ অসুবিধাৰ সন্মুখীন নহয়।
উল্লেখযোগ্য যে ২৪ আৰু ২৫ নৱেম্বৰত আই পি এলৰ নিলাম অনুষ্ঠিত হ’ব৷ সেই দুদিনতে নিৰ্ণয় হ’ব কোনজন ক্ৰিকেটাৰে অহা তিনিবছৰত কোনটো দলত খেলিব৷ এইবাৰ নিলামৰ পিছত অহা দুবছৰলৈ কেৱল মিনি নিলাম হ’ব।ইয়াত কম সংখ্যক ক্ৰকেটাৰৰ হে নিলাম হ’ব। গতিকে প্ৰতিটো দলে তিনি বছৰৰ লক্ষ্যৰে দল গঠন কৰিব। বিগত বৰ্ষসমূহৰ দৰে বিগত আই পি এলতো উপভোগ্য খেল আশা কৰিছে অনুৰাগীসকলে৷
Leave A Comment