• ভাৰতে লিখিব পাকিস্তানৰ ভাগ্য! কিয়?

    ক্ৰীড়া
    ভাৰতে লিখিব পাকিস্তানৰ ভাগ্য! কিয়?
    ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰেণ্ড মেচ। দেওবাৰে অনুষ্ঠিত হ’ব এই খেলখন। 

    এইবাৰ বাংলাদেশৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন মেচ খেলি জয়লাভ কৰে। আনহাতে পাকিস্তানে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল। কিন্তু এই মেচত পৰাস্ত হ’ল। যদি এতিয়া ভাৰতৰ বিৰুদ্ধে পাকিস্তান পৰাস্ত হয়, তেন্তে চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব।

    চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত নিউজিলেণ্ডে পাকিস্তানক ৬০ ৰানত পৰাস্ত কৰে। মহম্মদ ৰিজৱানৰ অধিনায়কত্বত থকা দলটোৱে বেয়াকৈ পৰাজয়ৰ সন্মুখীন হয়। এতিয়া দেওবাৰে ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব পাকিস্তান। ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যিকোনো মূল্যতে জয়লাভ কৰিব লাগিব। গ্ৰুপ বিত আছে ভাৰত আৰু পাকিস্তানৰ দল। বৰ্তমান এই গ্ৰুপৰ পইণ্ট তালিকাৰ তলত আছে পাকিস্তান।

    যদি আমি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ কথা কওঁ, তেন্তে দুয়োটা গ্ৰুপৰ পইণ্ট টেবুলৰ শীৰ্ষ দুটা দল আগবাঢ়ি যাব। গতিকে দলসমূহে দুখনকৈ মেচত জয়ী হ’ব লাগিব। এখন মেচত পৰাস্ত হৈছে পাকিস্তান। যদি এতিয়া ভাৰতৰ বিৰুদ্ধে পৰাস্ত হয়, তেন্তে দুখন মেচত পৰাস্ত হোৱাৰ পিছত পইণ্ট তালিকাৰ তলত থাকিব। তাৰ পিছত তেওঁলোকৰ হাতত মাত্ৰ এখন মেচ বাকী থাকিব, যিখন হ’ব বাংলাদেশৰ বিৰুদ্ধে। গতিকে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ জয় গুৰুত্বপূৰ্ণ হ’ব। পাকিস্তানৰ ছেমি ফাইনেলৰ টিকট ভাৰতৰ হাতত থাকিব।

    ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ডক গ্ৰুপ এত অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ড। দ্বিতীয় স্থানত আছে ভাৰত। ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে বাংলাদেশ আৰু পাকিস্তান। বাংলাদেশৰ পৰৱৰ্তী খেলখন সোমবাৰে অনুষ্ঠিত হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে। ইয়াৰ পাছতে পাকিস্তানৰ মুখামুখি হ’ব।