• বাবৰ আজমক নিজৰ দেশতে প্ৰহাৰ; 'কোহলী কোহলী' শ্লোগানেৰে মুখৰিত পাকিস্তান

    ক্ৰীড়া
    বাবৰ আজমক নিজৰ দেশতে প্ৰহাৰ; 'কোহলী কোহলী' শ্লোগানেৰে মুখৰিত পাকিস্তান
    ডিজিটেল ডেস্কঃ ভাৰতৰ কিংবদন্তি বেটছমেন বিৰাট কোহলীক লৈ সমগ্ৰ বিশ্বই উন্মাদ হৈ পৰিছে। তেওঁৰ অনুৰাগী সমগ্ৰ বিশ্বতে উপস্থিত। পাকিস্তানতো বিৰাট কোহলীৰ প্ৰবল অনুৰাগী-অনুগামী আছে।

    মাজে মাজে পাকিস্তানত কোহলীৰ উন্মাদনাৰ কাহিনী শুনা আৰু দেখা যায়। এইবাৰ পাকিস্তানীসকলে বিৰাট কোহলী জিন্দাবাদৰ শ্লোগান উত্থাপন কৰিছে। আনহাতে তেওঁ নিজৰ দেশৰ তাৰকা খেলুৱৈ বাবৰ আজমক উদ্দেশ্যি কোহলীৰ তুলনাত বাবৰ একো নহয় বুলিও দাবী জনায়। এফালে পাকিস্তানী অনুৰাগীয়ে কোহলীক আদৰ দিলে আৰু আনফালে বাবৰ আজমক ধমক দিলে।

    ১৪ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা ট্ৰাই ছিৰিজৰ তিনিওখন মেচতে বাবৰ আজমৰ প্ৰদৰ্শন আছিল শোচনীয়। তিনিওখন মেচতে তেওঁ এটা ডাঙৰ ইনিংছ খেলিব সক্ষম নহ’ল। ১৪ ফেব্ৰুৱাৰীত নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা ট্ৰাই ছিৰিজৰ ফাইনেল খেলখনতো বাবৰ আজম ব্যৰ্থ হৈছিল আৰু পাকিস্তানও পৰাস্ত হৈছিল। পৰাজয়ৰ পিছত পাকিস্তানী অনুৰাগীৰ ক্ষোভৰ সৃষ্টি হয় আৰু তেওঁলোকে ষ্টেডিয়ামৰ বাহিৰত বাবৰ আজমক ট্ৰ’ল কৰি কোহলী জিন্দাবাদ...কোহলী জিন্দাবাদৰ শ্ল’গান দিবলৈ আৰম্ভ কৰে।