ডিজিটেল ডেস্ক: ভাৰতৰ হাতত দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজয় মানি ল'লে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰে। প্ৰতিযোগিতাখনৰ খিতাপ যুঁজত পৰাজয়ৰ বাবে কোনো অজুহাত থিয় কৰিব খোজা নাই অধিনায়কগৰাকীয়ে। অৱশ্যে, ছাণ্টনাবে পৰাজয়ৰ কাৰণ হিচাপে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাক চিহ্নিত কৰে।
ৰোহিতৰ দুৰ্দান্ত বেটিঙে দুয়োটা দলৰ মাজত পাৰ্থক্য আনি দিলে বুলি স্বীকাৰ কৰে কিৱি অধিনায়ক ছাণ্টনাৰে। ৰোহিতে ৮৩টা বলত গোটোৱা সাৱলীল ৭৬ ৰানৰ সহায়ত ভাৰতে দেওবাৰে হোৱা ফাইনেলত ২৫২ ৰানৰ লক্ষ্য অতিক্ৰম কৰে। ৰোহিতৰ আকর্ষণীয় অর্ধ শতৰানৰ বাবেই খেল তেওঁলোকৰ হাতৰ পৰা ভাৰতৰ হাতলৈ গুচি যোৱা বুলি ভাবে ছাণ্টনাৰে।
ছাণ্টনাৰে কয়, 'মোৰ মতে ৰোহিতৰ ইনিংছটোৰ বাবেই আমি জয়ৰ পৰা বঞ্চিত হ'লোঁ। ভাৰতীয় দলে অৱশ্যে ডুবাইৰ পৰিৱেশ-পৰিস্থিতি ভালদৰেই বুজিব পাৰিছিল। - লগতে ভাৰতে খুব ভাল ক্রিকেট খেলিলে।'
ভাৰতৰ হাতত খিতাপৰ যুঁজত পৰাজিত হ'লেও দলৰ প্ৰদর্শনক লৈ যথেষ্ট গর্বিত নিউজিলেণ্ডৰ অধিনায়ক ছাণ্টনাৰ। সেই প্ৰসংগত ছাণ্টনাৰে কয়, 'ফাইনেলত আমি যথেষ্ট শক্তিশালী দল এটাৰ বিৰুদ্ধে খেলিলোঁ। মেচখনত বিভিন্ন সময়ত খেলৰ ধৰণ সলনি কৰিবলগীয়া হৈছিল। সেয়া দেখা পাই মই যথেষ্ট সুখী। তাৰ মাজতে দুই-তিনিটা কাৰণৰ বাবে খেল আমাৰ হাতৰ পৰা ওলাই যায়।
উৎস- দৈনিক জনমভূমি
Leave A Comment