• টেষ্ট ক্ৰিকেটত ন অভিলেখ ; কে এল ৰাহুলে সম্পূৰ্ণ কৰিলে ৩০০০ ৰাণ

    ক্ৰীড়া
    টেষ্ট ক্ৰিকেটত ন অভিলেখ ; কে এল ৰাহুলে সম্পূৰ্ণ কৰিলে ৩০০০ ৰাণ
    ডিজিটেল ডেস্ক: পাৰ্থ টেষ্টত কে এল ৰাহুলে এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। পাৰ্থত অনুষ্ঠিত হৈ থকা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ২৬ ৰান সংগ্ৰহ কৰি ৰাহুলে আউট হয়। কিন্তু ইয়াৰ পূৰ্বে এক বিশেষ অভিলেখ গঢ়িলে কে এল ৰাহুলে।

    KL Rahul ruled out of third Test against England, fellow Karnataka batsman  to replace him | Cricket News - The Indian Express

    টেষ্ট কেৰিয়াৰত ৩০০০ ৰান সম্পূৰ্ণ কৰিছে ৰাহুলে। ভাৰতৰ হৈ এই অভিলেখ গঢ়া ২৬ সংখ্যক খেলুৱৈ তেওঁ। আজিৰ পৰ্যন্ত ২৬ গৰাকী খেলুৱৈয়ে ভাৰতীয় দলৰ হৈ ৩০০০ বা তাতকৈ অধিক টেষ্ট ৰাণ সংগ্ৰহ কৰিছে। ভাৰতৰ হৈ এতিয়ালৈকে তেওঁ ৯২ খন ইনিংছত ৩০০৭ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৮টা শতক আৰু ১৫টা অৰ্ধশতক অৰ্জন কৰিছে। ৰাহুলৰ সৰ্বোত্তম টেষ্ট স্ক’ৰ ১৯৯ ৰান। ৰাহুলে বহু কিংবদন্তি খেলুৱৈক পিছ পেলাবলৈ সক্ষম হৈছে।

    টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত বৰ্তমান ভাৰতীয় খেলুৱৈৰ তালিকাত শীৰ্ষত আছে কোহলী। ২০২ ইনিংছত ৯০৪৫ ৰান সংগ্ৰহ কৰিছে কোহলী। বিৰাটে এই সময়ছোৱাত ২৯টা শতক অৰ্জন কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল পাৰ্থত অনুষ্ঠিত হৈছে। ইয়াত ভাৰতৰ আৰম্ভণি অতি সূচনীয়।ৰাহুলৰ উইকেট পতনে শুকুৰবাৰৰ দিনটোত কিছু বিতৰ্কৰ সৃষ্টি কৰে ৷ আম্পায়াৰৰ হতচকিত সিদ্ধান্তৰ পিছত খেলুৱৈগৰাকী হতাশাত ভোগে ৷ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইক হাছিয়ে তৃতীয় আম্পায়াৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি বলটো পেডত খুন্দা মাৰিলে স্নিকোৱে স্পাইক দেখুওৱাৰ সম্ভাৱনাৰ দিশটো আঙুলিয়াই দিছিল ।