• ৪৪৪ দিনৰ অন্তত এদিনীয়া ফৰ্মেটলৈ ঘূৰি আহিল মহম্মদ ছামী

    ক্ৰীড়া
    ৪৪৪ দিনৰ অন্তত এদিনীয়া ফৰ্মেটলৈ ঘূৰি আহিল মহম্মদ ছামী
    ডিজিটেল ডেস্কঃ বহুদিনৰ মূৰত এদিনীয়া ফৰ্মেটলৈ ঘূৰি আহিল মহম্মদ ছামী। নাগপুৰত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম অভাৰত বলিং কৰে মহম্মদ ছামীয়ে। ইংৰাজ বেটছমেনসকলে এই অভাৰত ৰান সংগ্ৰহ কৰিবলৈ ব্যৰ্থ হয়। এইদৰে মহম্মদ শ্বামীয়ে মেডেন অভাৰেৰে আৰম্ভণি কৰে।

    ভাৰতৰ হৈ প্ৰথম অভাৰত বলিং কৰে মহম্মদ ছামীয়ে। একে সময়তে ইংলেণ্ডৰ অ’পেনাৰ ফিল ছল্ট ষ্ট্ৰাইক ৰেটত আছিল। মহম্মদ ছামীৰ একেৰাহে ৬টা বলত ৰান কৰিবলৈ ব্যৰ্থ হয় ফিল ছল্ট।

    মহম্মদ ছামীয়ে প্ৰথম স্পেলত ৪ অভাৰত বলিং কৰে। য’ত তেওঁ ১ মেডেনৰ সৈতে ১৯ ৰান দিছিল। যদিও মহম্মদ ছামীয়ে সফলতা লাভ কৰা নাছিল, তথাপিও ইংৰাজ বেটছমেনক অশান্তি দিবলৈ তেওঁ নিশ্চিতভাৱে সফল হৈছিল।

    উল্লেখযোগ্য যে ভাৰত আৰু ইংলেণ্ডৰ ৩খন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল নাগপুৰত অনুষ্ঠিত হৈছে। এই মেচখনত ইংৰাজ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়।

    ইয়াৰ পূৰ্বে টি-২০ শৃংখলাত ইংলেণ্ডক ৪-১ত পৰাস্ত কৰিছিল ভাৰতে। অৱশ্যে এতিয়া দুয়োটা দলে এদিনীয়া ফৰ্মেটত মুখামুখি হৈছে। ইয়াৰ পিছত দুয়োটা দলে চেম্পিয়নছ ট্ৰফীলৈ ৰাওনা হ’ব।