ডিজিটেল ডেস্কঃ নিখুঁত লাইন-লেংথ, দুৰ্দান্ত গতি, ছুইং বাউন্সাৰ আৰু য়ৰ্কাৰ মিলি ৰিচাৰ্ড হেডলীৰ সৈতে শ্বেন এডৱাৰ্ড বণ্ড নিঃসন্দেহে নিউজিলেণ্ড ক্ৰিকেটৰ শ্ৰেষ্ঠ আৰু সফল পেচাৰ আৰু এজন ভয়ংকৰ উইকেট গ্ৰহণকাৰী আছিল। তেওঁৰ এক্সপ্ৰেছ স্পীডত লেট ছুইং সংযোজন কৰিলে বেটছমেনসকলৰ বাবে ৰীতিমতে তেওঁ হৈ পৰে আন প্লেয়েবল!
তেওঁ দুয়োফালে বল ছুইং কৰিব পাৰিছিল। বণ্ডে যিকোনো উইকেটত বল অতিৰিক্তভাৱে তুলিব পাৰিছিল। তেওঁৰ লেট ইনছুইঙত প্ৰৱেশ কৰা য়ৰ্কাৰবোৰ যেন ভয়ংকৰ মাৰানাস্ত্ৰ! তদুপৰি দ্ৰুতবেগী ‘ট’ ক্ৰাছিং’ য়ৰ্কাৰৰ ষ্টাম্পিং কৰাটো ক্ৰিকেট খেলপথাৰত যেন নিয়মীয়া দৃশ্যত পৰিণত হৈছিল।
আক্ৰমণাত্মক শৰীৰী ভাষা আৰু অদম্য মানসিকতাই তেওঁক সদায় প্ৰতিপক্ষতকৈ এখোজ আগুৱাই ৰাখিছিল। যিকোনো উইকেটতে চমকপ্ৰদ প্ৰদৰ্শনেৰে ধুমুহা তুলিব পাৰিছিল বণ্ডে! সফলতাৰ পথত মাৰাত্মক আঘাতৰ বাৰে বাৰে পুনৰাবৃত্তি নোহোৱাহেঁতেন হয়তো ক্ৰিকেটৰ ইতিহাসৰ ‘বেষ্ট অৱ অল টাইম’ বেগী বলাৰ সকলৰ ভিতৰত বণ্ডৰ নামো অন্তৰ্ভুক্ত হ’লহেঁতেন! আজি নিউজিলেণ্ডৰ এই ক্ৰিকেটাৰ গৰাকীৰ ৪৬ সংখ্যক জন্মদিন। ১৯৭৫ চনৰ ৭ জুনত নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত জন্মগ্ৰহণ কৰিছিল বণ্ডে।
Leave A Comment