• ১ ৰান কৰিয়েই বেট তুলিলে এইগৰাকী ক্ৰিকেটাৰে! সতীৰ্থই জনালে অভিবাদন, উঠিল হাঁহিৰ ৰোল

    ক্ৰীড়া
    ১ ৰান কৰিয়েই বেট তুলিলে এইগৰাকী ক্ৰিকেটাৰে! সতীৰ্থই জনালে অভিবাদন, উঠিল হাঁহিৰ ৰোল
    ডিজিটেল ডেস্কঃ বাংগালুৰুৰ জাষ্ট ক্ৰিকেট একাডেমীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীৰ দ্বিতীয় ছেমিফাইনেলত মুখামুখি হৈছিল মুম্বাই আৰু উত্তৰ প্ৰদেশ। তৃতীয় দিনৰ শেষত ত্ৰাণকৰ্তাৰ আসনত আছিল পৃথ্বী শ্বৰ মুম্বাই। ৩৪৮ ৰানৰ পৰ্বতসম অগ্ৰগতি লৈছে দলটোৱে। অৱশ্যে, বৃহস্পতিবাৰে দুটা বেলেগ কাৰণত শিৰোনাম দখল কৰিছে মুম্বাইৰ দুগৰাকী অ’পেনাৰ- যশস্বী জয়ছোৱাল আৰু পৃথ্বী শ্বই।

    পৃথ্বীৰ বেটৰ পৰা আহে দ্ৰুত অৰ্ধশতক। আৰু ৫৪টা বল খেলাৰ পাছত প্ৰথম ৰান লাভ কৰে যশস্বীয়ে। পিছে এক ৰান কৰিয়েই বেট তুলিলে খেলুৱৈগৰাকীয়ে! ড্ৰেছিং ৰুমৰ পৰা হাত চাপৰিৰে সম্ভাষণ জনায় সতীৰ্থই। এই হাস্যকৰ ঘটনাই শিৰোনাম দখল কৰা দেখা যায় ক্ৰীড়া এৰিনাত। 

    ২০০৮ চনত ৰাহুল দ্ৰাবিড়ে এনে এটা ঘটনাৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল। ছিডনীত ৪০টা বল খেলি প্ৰথম ৰান লাভ কৰিছিল দ্ৰাবিড়ে। অনুৰাগীৰ বাবে বেট তুলি লৈছিল দ্ৰাবিড়ে। দ্ৰাবিড়ৰ কথাকেই যেন আকৌ এবাৰ মনত পেলাই দিলে যশস্বীয়ে।