• কটকত ছুপাৰ ছানডে’ৰ যুঁজ; সমতা স্থাপন কৰিব পাৰিবনে ভাৰতে?

    ক্ৰীড়া
    কটকত ছুপাৰ ছানডে’ৰ যুঁজ; সমতা স্থাপন কৰিব পাৰিবনে ভাৰতে?
    ডিজিটেল ডেস্কঃ ছুপাৰ ছানডেৰ এখন মেচত আজি মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। পাঁচখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত পৰাস্ত হৈছে ভাৰত। টি-২০ ইতিহাসত ২০০ৰো অধিক ৰান কৰি ভাৰতে পৰাজয়ৰ গলমালা পিন্ধিব লগীয়া হৈছে প্ৰথম বাৰৰ বাবে। তেনেস্থলত আজি দলটোৰ প্ৰত্যাৱৰ্তন বিচাৰিছে ক্ৰীড়ানুৰাগীয়ে। পৰাজয়ৰ দুঃস্বপ্ন পাহৰি আজি ছিৰিজত সমতা স্থাপন কৰাৰ পূৰ্ণ সুযোগ আছে পন্ত বাহিনীৰ হাতত। 

    আনহাতে, প্ৰথম মেচখনত জয়ী হৈ অধিক আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকা। সেই আত্মবিশ্বাসৰ ওপৰত ভৰ দিয়েই ২-০ৰ অগ্ৰগতিৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব মিলাৰ বাহিনী। 

    তেনেস্থলত, ভাৰতৰ বাবে সহজ নহ’ব এই  যাত্ৰাপথ। তথাপি উত্‍সাহী ক্ৰীড়ানুৰাগী। সন্ধিয়া ৬ বজালৈকে কটকৰ ষ্টেডিয়ামত ৭০ শতাংশ ক্ৰীড়াপ্ৰেমীৰে ভৰি পৰা বুলি খবৰ ওলাইছে। ইফালে অধিনায়ক ঋষভ পন্তৰ কাষত থিয় দিছে ভাৰতীয় পেচাৰ ভুৱনেশ্বৰ কুমাৰ। তেওঁ কয়, ‘ঋষভ পন্ত এজন যুৱ অধিনায়ক আৰু প্ৰথমবাৰৰ বাবে ভাৰতক নেতৃত্ব দিছে। ভুল ক্ৰুটি সকলোৰে থাকে। পৰৱৰ্তী মেচখনত নিজেকে শুধৰাই তুলিব বুলি মই নিশ্চিত। ’ তেনেস্থলত আজিৰ মেচখন হৈ পৰিছে অধিক গুৰুত্বপূৰ্ণ।