ডিজিটেল ডেস্কঃ চাৰিদিনীয়া প্ৰস্তুতি মেচত ছন্দত দেখিবলৈ পোৱা গৈছে মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাক। চাৰিদিনীয়া প্ৰস্তুতি মেচৰ দ্বিতীয় দিনা মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাই তিনিটাকৈ উইকেট দখল কৰে। অৱশ্যে, চেতেশ্বৰ পূজাৰাৰ বেটৰ পৰা নাহিল প্ৰত্যাশিত ৰান। প্ৰথম ইনিংছত ২৪৪ ৰানতে সামৰণি পৰিছিল ভাৰতৰ ইনিংছ। ভাৰতৰ হৈ বিৰাটে ৩৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সৰ্বাধিক ৬০ ৰান সংগ্ৰহ কৰে এছ ভাৰতে। ভাৰতীয় বলাৰৰ ভিতৰত মহম্মদ ছামীয়ে ৩টা উইকেট দখল কৰে। ছাৰ্দুল ঠাকুৰ আৰু মহম্মদ ছিৰাজে ২টাকৈ উইকেট দখল কৰে।
দ্বিতীয় ইনিংছত বেটিং কৰি ভাৰতীয় দলটোৱে ১টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্ৰহ কৰিছে। দ্বিতীয় দিনৰ শেষত ক্ৰীজত বৰ্তি আছে কে এছ ভাৰত। তেওঁ ৩১ ৰানত অপৰাজিত হৈ আছে। শুভমন গীলৰ বেটৰ পৰা আহে ৩৮ ৰান। ৯ ৰানত অপৰাজিত হৈ আছে হনুমা বিহাৰী।
প্ৰস্তুতি মেচখনত মহম্মদ ছামীৰ উইকেট দখল কৰাৰ পিছত উদযাপনৰ এটা ভিডিঅ’ ক্লিপিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। গুৰুত্বপূৰ্ণ প্ৰস্তুত এতিয়া এইদৰেই ক্ৰীড়াসমৰ চলিছে দুয়োটা দলৰ মাজত।
Leave A Comment