ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ সহ অধিনায়ক তথা চিনিয়ৰ অ’পেনাৰ কে এল ৰাহুলে ইংলেণ্ডৰ সলনি জাৰ্মানী যাবলৈ ওলাইছে। আঘাতৰ বাবে ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলা আৰম্ভ হোৱাৰ আগদিনা বাহিৰ হ’বলগীয়া হৈছে মূল একাদশৰ পৰা। ৰোহিতৰ অনুপস্থিতিত ৰাহুলে টি-২০ৰ অধিনায়কৰ দায়িত্ব কান্ধ পাতি লোৱাৰ কথা আছিল। কিন্তু বাধা হৈ থিয় দিয়ে আঘাতে।
সেইবাবে ৰাহুলৰ পৰিৱৰ্তে অধিনায়ক হয় ঋষভ পণ্ট। অহা মাহত ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ৰাহুলে আঘাতৰ পৰা আৰোগ্য হৈ নুঠিব বুলিয়েই খবৰ আহিছে। আনকি ৰাহুলৰ চিকিৎসা ভাৰতৰ সলনি জাৰ্মানীত হ’ব বুলি জনাইছে বিচিচিআইৰ সচিব জয় শ্বাহে। এটা ক্ৰীড়া ৱেবছাইটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাহুলে কয় যে, ‘ভাৰতীয় ব'ৰ্ডে মোৰ ফিটনেছৰ ওপৰত কাম কৰি আছে। অতি সোনকালে মই জাৰ্মানীলৈ যাম।’
কৰ’নাৰ বাবে বিগত ছিজনৰ একেবাৰে অন্তিম মুহূৰ্তত ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰ টেষ্ট বাতিল কৰা হৈছিল। ৫খন মেচৰ টেষ্ট ছিৰিজত বিৰাট কোহলীৰ নেতৃত্বত ২-১ৰ ব্যৱধানত আগবাঢ়িৰ আছিল টীম ইণ্ডিয়া। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পঞ্চম আৰু অন্তিমখন টেষ্ট যোৱা ছেপ্টেম্বৰ মাহত মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈছিল। বাতিল হোৱা মানচেষ্টাৰ টেষ্ট ১-৫ জুলাইত বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব।
Leave A Comment