• শচীন-মিয়াদাদ-জয়সূৰীয়াক অতিক্ৰম মিথালী ৰাজৰ

    ক্ৰীড়া
    শচীন-মিয়াদাদ-জয়সূৰীয়াক অতিক্ৰম মিথালী ৰাজৰ
    ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ, জাভেদ মিয়াদাদ আৰু সনথ জয়সূৰীয়াক অতিক্ৰম মিথালী ৰাজৰ। ভাৰতীয় মহিলা দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২ বছৰ ২৬৪ অতিক্ৰম কৰিছে। ১৯৯৯ চনৰ ২৬ জুন মাহত ভাৰতীয় জাৰ্ছী পিন্ধি এদিনীয়া ক্ৰিকেটত অভিষক ঘটিছিল মিথালী ৰাজৰ। সেইদিনটোৰ পৰা ২০২২ চনৰ ২৭ মাৰ্চলৈকে মিথালীয়ে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলিছিল। মিথালীৰ তুলনাত শচীন তেণ্ডুলকাৰে ২২ বছৰ ৯১ দিন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে।

    ১৯৮৯ চনৰ ১৮ ডিচেম্বৰত শচীন তেণ্ডুলকাৰৰ অভিষেক ঘটিছিল ভাৰতীয় ক্ৰিকেটত। ২০১২ চনৰ ১৮ মাৰ্চত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল মাষ্টাৰ ব্লাষ্টাৰে। এই তালিকাৰ তৃতীয় স্থানত আছে সনথ জয়সূৰীয়া। ১৯৮৯ চনৰ ২৬ ডিচেম্বৰত এদিনীয়া অভিষক ঘটা শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ২০১১ চনৰ ২৮ জুনত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। জয়সূৰীয়াই মুঠ ২১ বছৰ ১৮৪ দিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে। পাকিস্তানৰ জাভেদ মিয়াদাদে খেলিছে ২০ বছৰ ২৭২ দিন। 

    বিশ্ব মহিলা ক্ৰিকেটৰ ইতিহাসত কিংবদন্তি ক্ৰিকেটাৰ মিথালী ৰাজ। দীৰ্ঘসময় খেলাৰ পিছত ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লয় মিথালীয়ে। তেওঁৰ দীঘলীয়া বৰ্ণময় কেৰিয়াৰৰ সৈতে সাঙোৰ খাই আছে একাধিক কৃতিত্ব। শচীন তেণ্ডুলকাৰে পুৰুষৰ ক্ৰিকেটত যিদৰে অৰিহণা যোগাইছে, ঠিক সেইদৰে মহিলা ক্ৰিকেটতো মিথালী ৰাজৰ আছে অনবদ্য অৰিহণা। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ইনিংছ আৰু সৰ্বাধিক ৰানৰ অভিলেখৰো গৰাকী মিথালী ৰাজ।