• ক’ভিডত আক্ৰান্ত ৰোহিত শৰ্মা, নিৰ্ণায়ক টেষ্টৰ পূৰ্বে সুস্থ হৈ উঠিবনে হিটমেন ৰোহিতে?

    ক্ৰীড়া
    ক’ভিডত আক্ৰান্ত ৰোহিত শৰ্মা, নিৰ্ণায়ক টেষ্টৰ পূৰ্বে সুস্থ হৈ উঠিবনে হিটমেন ৰোহিতে?
    ডিজিটেল ডেস্কঃ কৰ’না সংক্ৰমণ সাম কটা নাই। পুনৰ যেন কৰ’নাসৃষ্ট পৰিৱেশ লাহে লাহে উভতি আহিছে। দেশত নিতে কৰ’না আক্ৰান্ত ৰোগীৰ গ্ৰাফৰ পৰিৱৰ্তন হোৱা দেখা গৈছে।  এইবাৰ ভাৰতীয় ক্ৰিকেট দলত পুনৰ কৰ’নাৰ সংক্ৰমণৰ বাতৰি পোহৰলৈ আহিছে। বিৰাট কোহলীৰ পাছত এইবাৰ ৰোহিত শৰ্মা কভি’ডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। 

    লেইচেষ্টাৰশ্বাৰৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰস্তুতি মেচৰ দ্বিতীয় দিনৰ শেষত দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামিছিল ভাৰতীয় দলটো। কিন্তু ভাৰতীয় অধিনায়কগৰাকীয়ে শুভমন গীলৰ সৈতে ইনিংছ অ’পেন কৰিবলৈ যোৱা নাছিল। তেতিয়াৰ পৰা ৰোহিতৰ অনুপস্থিতিক লৈ আৰম্ভ হয় জল্পনা-কল্পনাৰ। কিছুসময় পাছতে পোহৰলৈ আহিল প্ৰকৃত সত্য। নিয়ম অনুসৰি ৰোহিতে হোটেলৰ কোঠাত আইছ’লেশ্যনতে থাকিবলগীয়া হৈছে বুলি জানিবলৈ পোৱা গৈছে।

    স্মৰ্তব্য যে, শনিবাৰে ৰোহিতৰ কৰ’না পৰীক্ষা কৰা হয়। ৰোহিতৰ ক’ভিড ৰিপোৰ্ট পজিটিভ আহে। দেওবাৰে পুৱা বিচিচিআইয়ে টুইট কৰি এই কথা প্ৰকাশ কৰিছে। ইফালে, ৰোহিতে প্ৰস্তুতি মেচত অৱতীৰ্ণ হ’লেও শনিবাৰে বেটিং কৰা নাছিল। প্ৰথম ইনিংছত ৰোহিতৰ বেটৰ পৰা আহে ২৫ ৰান। ৰোমান ৱাকাৰ বলত পেভেলীয়নমুখী হৈছিল হিটমেন ৰোহিত। মেচৰ দ্বিতীয় দিনা ফিল্ডিং কৰিবলৈও ক্ৰীজত নামিছিল ৰোহিত শৰ্মাই।

    মন কৰিবলগীয়া যে, ১ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট খেলিব ভাৰতে। এতিয়া প্ৰশ্ন হৈছে এজবাষ্টনত টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে সুস্থ হৈ উঠিব নে ৰোহিত শৰ্মাই?