• সুৰেশ ৰাইনাৰ খুৰাকৰ হত্যাকাৰীক শাস্তি প্ৰদান ; ১২ জন দোষীক আজীৱন কাৰাবাস

    ক্ৰীড়া
    সুৰেশ ৰাইনাৰ খুৰাকৰ হত্যাকাৰীক শাস্তি প্ৰদান ; ১২ জন দোষীক আজীৱন কাৰাবাস
    ডিজিটেল ডেস্কঃ পঞ্জাৱৰ এখন আদালতে ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ খুৰাকক হত্যা কৰাৰ অপৰাধত ১২ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। লগতে আটাইকেইজন দোষীক ২ লাখ টকাকৈ জৰিমনা বিহিছে আদালতে। আদালতে কয় যে সকলো দোষীৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে, সেয়েহে সকলোকে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

    তথ্য অনুসৰি এই গোচৰটো ২০২০ চনৰ পাথানকোটৰ থাৰিয়াল গাঁৱৰ। ইয়াত সুৰেশ ৰাইনাৰ খুৰাককে ধৰি কিছু লোক এটা ঘৰত উপস্থিত আছিল। আৰক্ষীয়ে জনোৱা মতে এই সময়ছোৱাত কিছু মহিলাকে ধৰি একাংশ লোকে ঘৰত প্ৰৱেশ কৰে। দুস্কৃতিকাৰীয়ে অস্ত্ৰৰ সহায়ত ঘৰৰ সকলোকে লুটপাত কৰে। লুণ্ঠনৰ বিৰোধিতা কৰাত সুৰেশ ৰাইনাৰ খুৰাককে ধৰি দুজন লোকক হত্যা কৰি পলাই যায় দুস্কৃতিকাৰীয়ে।

    পঞ্জাৱৰ পাঠানকোট জিলা আদালতত দাখিল কৰা আৰক্ষীৰ অভিযোগনামাত কোৱা হয় যে দোষীসকলে সম্পূৰ্ণ পৰিকল্পিতভাৱে অপৰাধ সংঘটিত কৰিছিল। লুণ্ঠনৰ বিৰোধিতা কৰাত দুজন লোকক আক্ৰমণ কৰাৰ ফলত তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। আৰক্ষীয়ে হত্যা আৰু ডকাইতিৰ ধাৰাত গোচৰ ৰুজু কৰে। আদালতে স্পষ্ট কৰি দিছে যে যাৱজ্জীৱন কাৰাদণ্ডৰ বাহিৰেও সকলো দোষীয়ে ২ লাখ টকাকৈ জৰিমনা ভৰিব লাগিব।

    এই গোটেই বিষয়টো আছিল শপুৰকান্দি থানাৰ। আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত গোচৰৰ অধিবক্তা হৰিশ পাথানিয়াই কয় যে মহিলাকে ধৰি মুঠ ১২জন লোক এই ডকাইতিৰ সৈতে জড়িত।