ডিজিটেল ডেস্কঃ হঠাৎ চৰ্চালৈ আহিল ক্ৰিকেট তাৰকা যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙ।এসময়ত তাৰকা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱা যোগৰাজ সিঙৰ কঠিন জীৱনশৈলী আৰু স্পষ্টবাদীতাৰ বাবেই বাতৰিৰ শিৰোনাম দখল কৰি । শেহতীয়াকৈ প’ডকাষ্টৰ সাক্ষাৎকাৰত তেওঁ পিতৃ-পুত্ৰ, নাৰী, জীৱন, ধোনী, কপিল দেৱৰ লগতে বহু ছবিৰ ওপৰত কিছু মন্তব্য কৰিছিল, যিয়ে বৰ্তমান বহু বিতৰ্কৰ সৃষ্টি কৰিছে।
ক্ৰিকেট আৰু তেওঁৰ কঠোৰ মনোভাৱৰ বিষয়ে সকলোৱে জানে কিন্তু আপুনি বাৰু জানেনে যোগৰাজ সিং এজন অভিনেতাও আৰু বহু চিনেমাত তেওঁ উৎকৃষ্ট অভিনয় কৰিছে।
শেহতীয়াকৈ ২০২৪ চনত তামিল ছবি ইণ্ডিয়ান ২ত যোগৰাজ সিঙকো দেখা গৈছিল। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল কমল হাছান। এছ শংকৰৰ এই ছবিখনত তেওঁ এটা মান্য চৰিত্ৰত অভিনয় কৰিছিল।
কেৱল এয়াই নহয়, অক্ষয় কুমাৰৰ জনপ্ৰিয় ছবি ‘সিং ইজ ব্লিং’ত অক্ষয় কুমাৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৫ চনত মুক্তি পাইছিল এই ছবিখন ।
হিন্দী আৰু দক্ষিণৰ উপৰিও যোগৰাজ সিঙে বহু পাঞ্জাবী ছবিতো কাম কৰি আহিছে। বিবি ৰজনীত তেওঁৰ ভূমিকা অতুলনীয় ৷ উল্লেখ্য যে চলচ্চিত্ৰত অভিনয়ৰ উপৰিও যোগৰাজ সিং এতিয়াও ক্ৰিকেটৰ প্ৰশিক্ষক।
Leave A Comment