ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ১৬ কোটি টকাৰ বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত! আঘাত পাইছে নেকি ক্রিষ্টিয়ানো ৰোনাল্ডোই? চিন্তাৰ অৱশ্যে কোনো কাৰণ নাই। কিয়নো গাড়ীখনৰ ভিতৰত নাছিল ৰোনাল্ডো।
মন কৰিবলগীয়া যে, স্পেইনৰ ৰাজপথেৰে গাড়ীখন চলাই যোৱাৰ সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই স্থানীয় এটা ঘৰৰ এখন দেৱালত খুন্দা মাৰে। দেৱালখন লগে লগে খহি পৰে। গাড়ীখনৰ সন্মুখৰ অংশও ক্ষতিগ্ৰস্ত হয়। অৱশ্যে, দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত ৰোনাল্ড বা তেওঁৰ পৰিয়ালৰ কোনো সদস্য নাছিল।
দৰাচলতে, এতিয়া অৱসৰ-বিনোদনত ব্যস্ত ক্রিষ্টিয়ানো ৰোনাল্ডো৷ স্পেইনৰ মাল’ৰ্কাত পৰিয়ালৰ সৈতে অন্তৰংগ সময় কটাইছে তাৰকা ফুটবলৰাগৰাকীয়ে। ব্যক্তিগত বিমানেৰে স্পেইনলৈ উৰা মাৰিছিল ৰোনাল্ডোই আৰু দুখন গাড়ী স্পেইনলৈ পঠোৱাৰো ব্যৱস্থা কৰিছিল তেওঁ। সোমবাৰে স্পেইনত উপস্থিত হয় তাৰকা ফুটবলাৰগৰাকী। ইয়াৰে এখন গাড়ী দুৰ্ঘটনাত পতিত হয় আৰু ভাৰতীয় মুদ্ৰাত সেই গাড়ীখনৰ মূল্য প্ৰায় ১৬.৫ কোটি টকা।
দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই। পৰৱৰ্তী সময়ত ৰোনাল্ডোৰ একাংশ প্ৰতিনিধিয়ে গৈ ঘৰৰ মালিকৰ সৈতে মত-বিনিময় কৰে। ক্ষমা খুজি ক্ষতিপূৰণ হিচাপে বেৰখন মেৰামতি কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৰোনাল্ডোৰ প্ৰতিনিধিয়ে।
স্মৰ্তব্য যে, ইউ এফ এ নেচনছ লীগৰ পিছত যোৱা সপ্তাহত স্পেইনলৈ ছুটীত গৈছিল ৰোনাল্ডো। অহা মাহত নতুন প্ৰশিক্ষক এৰিক টেন হেগৰ অধীনত মানচেষ্টাৰ ইউনাইটেডৰ প্ৰি-ছিজন শিবিৰত যোগদান কৰাৰ কথা আছে।
Leave A Comment