• আইপিএলৰ মাজতে অৱসৰ! অম্বাতি ৰায়ডুৰ টুইটক লৈ বিতৰ্ক

    ক্ৰীড়া
    আইপিএলৰ মাজতে অৱসৰ! অম্বাতি ৰায়ডুৰ টুইটক লৈ বিতৰ্ক
    ডিজিটেল ডেস্কঃ আইপিএলৰ মাজভাগতে অৱসৰ ঘোষণা চেন্নাই ছুপাৰ কিংছৰ বেটছমেন অম্বাতি ৰায়ডুৰ। এইবাৰেই শেষ, এই ছিজনৰ পিছত আৰু আইপিএল নেখেলে বুলি কয় চিএছকেৰ খেলুৱৈগৰাকীয়ে। অৱশ্যে, ৰায়ডুৰ এই অৱসৰ ঘোষণাৰ ১৫ মিনিট পাছতে ডিলিট কৰে টুইটাৰ পোষ্ট। তাৰ পিছতে আৰম্ভ হয় তুমুল  বিতৰ্কৰ। ৰায়ডুৱে টুইট কিয় ডিলিট কৰিলে? ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি?

    এটা টুইটযোগে ৰায়ডুৱে তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰে। তেওঁ কয়, ‘মই ঘোষণা কৰিবলৈ পাই সুখী যে, এয়া মোৰ অন্তিম আইপিএল ছিজন। ১৩ বছৰ ধৰি দুটা ডাঙৰ দলৰ অংশ হৈ ভাল সময় অতিবাহিত কৰিছো। মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছক ধন্যবাদ।’ আশ্চৰ্যজনকভাৱে ১৫ মিনিট পাছতে টুইট ডিলিট কৰে অম্বাতি ৰায়ডুৱে।

    এই সন্দৰ্ভত এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, চেন্নাই মেনেজমেণ্টে নাজানিছিল যে ৰায়ডুৱে এনেদৰে ছিজনৰ মাজভাগত অৱসৰ ঘোষণা কৰিব। গতিকে, তেওঁলোকে অম্বাতিৰ টুইট দেখি আচৰিত হৈছিল। চলিত ছিজনত চেন্নাইৰ এতিয়াও দুখন খেল বাকী আছে। এই টুইটৰ প্ৰভাৱ বাকী থকা খেল দুখনত পৰিব পাৰে বুলি ভাবিয়েই ৰায়ডুক টুইট ডিলিট কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল মেনেজমেণ্টৰ পৰা। এই অনুমানৰ 
    সত্যসত্যতা কিমান সেয়া লক্ষণীয় বিষয়।

    মন কৰিবলগীয়া যে, চলিত ছিজনত ৰায়ডুৱে  ১২৪  ষ্ট্ৰাইক ৰেটৰ সহায়ত ২৭১ ৰান সংগ্ৰহ কৰিছে। কিন্তু ফিটনেছৰ সমস্যাত ভুগিছে ৰায়ডুৱে। তথাপি, পঞ্জাৱ কিংছৰ বিৰুদ্ধে চলিত ছিজনত ৭৮ ৰানৰ দৰ্শনীয় ইনিংছো  খেলিছিল তেওঁ। চেন্নাইৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়েও  ৰায়ডুৰ সোঁ হাতত আঘাতৰ কথা বৰ্ণনা কৰিছে। অৱশ্যে, আঘাতৰ বাবে হঠাতে ৰায়ডুৱে অৱসৰ তথা ঘোষণা কৰিছে নে আছে আন কিবা কাৰণ সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।

    এতিয়ালৈকে আইপিএলত ৰায়ডুৱে ১৮৭ খন খেলত ৪১৮৭ ৰান সংগ্ৰহ কৰিছে। স্মৰ্তব্য যে, ২০১৯ চনত ভাৰতৰ বিশ্বকাপ দলত সুযোগ নোপোৱাৰ পিছত ৰায়াডুৱে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। অৱশ্যে, পৰৱৰ্তী সময়ত আইপিএলত দেখিবলৈ পোৱা গৈছিল ৰায়ডুক।