• অসমৰ খেল জগতলৈ সুখবৰ ! নৰ্থইষ্ট ইউনাইটেডৰ হাতত ‘ডুৰাণ্ড কাপ ২০২৪’

    ক্ৰীড়া
    অসমৰ খেল জগতলৈ সুখবৰ ! নৰ্থইষ্ট ইউনাইটেডৰ হাতত ‘ডুৰাণ্ড কাপ ২০২৪’
    ডিজিটেল ডেস্ক: অসমৰ ফুটবল ইতিহাসত সোণালী যুগৰ আৰম্ভণি৷ প্ৰথম বাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷কলকতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ডুৰাণ্ড কাপৰ ফাইনেল মেচ৷নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মোহন বাগান এফ চিৰ বিৰুদ্ধে জয়লাভ কৰি এই খিতাপ অৰ্জন কৰে৷ ফাৰ্ষ্ট হাফৰ শেষত ২-০ গ’লেৰে পিছ পৰি অছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ছেকেণ্ড হাফত আৰম্ভণিৰ পৰাই শক্তিশালী প্ৰত্যৱৰ্তন কৰে নৰ্থ ইষ্ট ইউনাইটেডে৷ নিৰ্ধাৰিত সময়ৰ খেল ২-২ গ’লৰ ব্যৱধানত অন্ত পৰে৷ টাই ব্ৰেকাৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ৪টা গ’ল কৰে আৰু মোহন বাগান এফ চিয়ে ৩টা গ’ল কৰিবলৈ সক্ষম হয়৷

    শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে চেমিফাইনেলত ৩-০ গ’লৰ ব্যৱধানেৰে জয়লাভ কৰি নৰ্থ ইষ্ট ইউনাইটেড এফ চি ফাইনেলত উপনিত হৈছিল৷উল্লেখযোগ্য যে ইয়াৰ আগলৈকে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ নামত নাছিল ডাঙৰ খিতাপ৷ডুৰাণ্ড কাপ ২০২৪ খিতাপ অৰ্জন কৰি অসমৰ ফুটবল জগতত ইতিহাস ৰচনা কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷

    খেলখন অতিৰিক্ত সময় নালোৱা কৈ পোনপতিয়াকৈ টাই ব্ৰেকাৰত উপনিত হয় আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ গ’লৰক্ষক গুৰ্মিত সিঙে দুটা কৈ গ’ল ৰক্ষা কৰি মোহন বাগানক পৰাস্ত কৰে। উল্লেখনীয় যে ডুৰাণ্ড কাপ এছিয়াৰ আটীইতকৈ পুৰণি টুৰ্ণামেন্ট। নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কলকতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত ১৩৩ সংখ্যক সংস্কৰণত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।