• দিনত সাতবাৰ খায় আহাৰ, কেইবা ঘণ্টা ধৰি কৰে ব্যায়াম , ইনষ্টাগ্ৰামত আছে ৮ লাখৰো অধিক ভক্ত, এওঁ কোন ?

    ক্ৰীড়া
    দিনত সাতবাৰ খায় আহাৰ, কেইবা ঘণ্টা ধৰি কৰে ব্যায়াম , ইনষ্টাগ্ৰামত আছে ৮ লাখৰো অধিক ভক্ত, এওঁ কোন  ?
    ডিজিটেল ডেস্কঃএবাৰ দুবাৰ নহয়, দিনটোত সাতবাৰ গধুৰ আহাৰ খায় এইগৰাকী যুৱতীয়ে। লক্ষ্য তেওঁৰ জীৱনত কিবা এটা কৰি দেখুওৱা। কেৱল খাই বৈ শুই নাথাকে তেওঁ। শুৱাৰ পৰিৱৰ্তে দিনটোত কেইবা ঘণ্টা ধৰি তেওঁ শৰীৰ চৰ্চা কৰে।

    ফাফা আৰাউজো জন্মগতভাৱে এগৰাকী ব্ৰাজিলিয়ান যুৱতী। ৩৭ বছৰীয়া ফাফা এগৰাকী 'বডিবিল্ডাৰ'। তেওঁ গোটেই শৰীৰত সেউজীয়া ৰঙৰ কমিক ষ্ট্ৰিপৰ চুপাৰহিৰো হাল্কৰ ফটোও আঁকি লৈছে।টিভি শৃংখলা 'শ্বে-হাল্ক: এটৰ্নি এট ল'ৰ মুক্তিৰ আগতে বাস্তৱ জীৱনৰ শ্বী হাল্ক ৰূপী ফাফা বাতৰিৰ শিৰোনামলৈ  আহিছে। তেওঁৰ নাম ফাফা আৰাউজো। 

    ৩৬ বছৰীয়া ব্ৰাজিলিয়ান বডিবিল্ডাৰ ফাফা আৰ্জোৰ জন্ম ৰিঅ ডি জেনেৰিঅ'ত। ১১ বছৰ বয়সতেই তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোলৈ গুচি গৈছিল । তেওঁ গোটেই দিনটো জিমতেই  কটায়।

    ফাফাৰ  অনুৰাগীসকলে তেওঁক  'ফিমেল-হাল্ক' বুলিয়েই মাতে।  তেওঁৰ পেশীবহুল শৰীৰৰ বাবেই বহুতেই তেওঁক তেনেদৰে মাতে।  

    ফাফাই সংবাদ মাধ্যমক কয় যে তেওঁ ১১ বছৰ বয়সত ব্যায়াম আৰম্ভ কৰিছিল। স্কুলৰ পৰা উভতি অহাৰ পিছত তেওঁ মাকক ঘৰুৱা কামত সহায় কৰিছিল। তাৰ পিছত তেওঁ  জিমলৈ গৈছিল। তেওঁ দাবী কৰে যে ১৫ বছৰ বয়সতে তেওঁৰ শৰীৰ সুগঠিত হৈ পৰিছিল। তেওঁ ইমান অনুপ্ৰাণিত হৈছিল যে আৰু  পিছলৈ ঘূৰি চোৱা নাছিল। তেতিয়াৰ পৰা, তেওঁ আজিলৈকে ব্যায়াম কৰা বন্ধ কৰা নাই।

    ফাফাই  নিজকে অধিক পেশীবহুল কৰি তুলিবলৈ সপ্তাহত ছয়দিন জিমলৈ যায়। তেওঁ কমেও তিনি ঘণ্টা কঠোৰ পৰিশ্ৰম কৰে। অৱশ্যে, ফাফাই কয় যে শৰীৰটো কেৱল 'জিম-লিভিং'তে সৃষ্টি নহয়। আপুনি খাবও লাগিব। তেওঁ দিনে সাতবাৰ আহাৰ খায়। তেওঁৰ শৰীৰৰ দেখি  মুগ্ধ ভক্তৰ সংখ্যাও কম নহয়। ইনষ্টাগ্ৰামত তেওঁৰ ৪৫৭,০০০ অনুসৰণকাৰী আছে।