• আফগানিস্তানত ভূমিকম্পঃ হাৰ্দিক পাণ্ডিয়ালৈ সাহায্য বিচাৰি কাতৰ আৱেদন ৰছিদ খানৰ

    ক্ৰীড়া
    আফগানিস্তানত ভূমিকম্পঃ হাৰ্দিক পাণ্ডিয়ালৈ সাহায্য বিচাৰি কাতৰ আৱেদন ৰছিদ খানৰ
    ডিজিটেল ডেস্কঃ এইবাৰ ভূমিকম্পত কম্পমান আফগানিস্তান। ভূমিকম্পৰ কবলত পৰা দেশখনৰ অৱস্থা এতিয়া তথৈবচ। ইয়াৰোপৰি দেশখনত ৰাজনৈতিক অস্থিৰতা বৰ্তি আছেই। তেনে পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক দুৰ্যোগে আফগানবাসীক আৰু অধিক আতংকিত কৰি তুলিছে।

    দশক দশক ধৰি চলি অহা সংঘাত, ভয়াৱহ খৰাং, অৰ্থনৈতিক মন্দাৱস্থাই ইতিমধ্যে অভূতপূৰ্ব সংকটৰ সৃষ্টি কৰিছে দেশখনত।  আফগানিস্তানৰ তালিবান চৰকাৰে এই দুৰ্যোগৰ সময়ত আৰ্থিক সাহায্যৰ বাবে আন্তৰ্জাতিক দৰবাৰকো জনাইছে অনুৰোধ।

    আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰছিদ খানে শ্বাহিদ আফ্ৰিদী, হাৰ্দিক পাণ্ডিয়া, ডুৱাইন ব্ৰাভোৰ দৰে জনপ্ৰিয় ক্ৰিকেটাৰক তেওঁৰ দেশখনৰ জনতাৰ সাহায্যৰ বাবে আহ্বান জনাইছে। ৰছিদে টুইটাৰত লিখিছে, ‘আপোনালোক সকলোৱে জানে যে আমাৰ দেশ আফগানিস্তান ভূমিকম্পত বিধ্বস্ত হৈ পৰিছে। বহু লোকৰ মৃত্যু হৈছে, বহুতে আহত হৈছে, বহুতে ক্ষতিগ্ৰস্ত হৈছে।’ তেওঁ লগতে কয়, ‘নিসন্দেহেঃ এই কঠিন সময়ত আপোনালোকৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ।’