• সাঁতোৰ জগতৰ পৰা বিদায় ল’ব এলভিছ আলী হাজৰিকাই; আৰ্থিক অনাতনৰ বাবে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত

    ক্ৰীড়া
    সাঁতোৰ জগতৰ পৰা বিদায় ল’ব এলভিছ আলী হাজৰিকাই; আৰ্থিক অনাতনৰ বাবে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত
    ডিজিটেল ডেস্ক: সাঁতোৰ জগতৰ এটা জনপ্ৰিয় নাম এলভিছ আলী হাজৰিকা৷ হাজৰিকা ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি লভিছ আলী হাজৰিকা। আৰু ২০১৮ চনত তেওঁ ইংলিছ চেনেলৰ ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ একাংশৰ ২৯ কিঃমিঃ সাঁতুৰি অতিক্ৰম কৰা তেওঁ প্ৰথমজন অসমীয়া।

    অসম চৰকাৰৰ  দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰে সন্মানিত সাঁতোৰবিদগৰীকীয়ে আক্ষেপেৰে বিদায় ল’ব সাঁতোৰ জগতৰ পৰা৷ অহা বছৰলৈ অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে সাঁতোৰবিদগৰাকীয়ে৷ সূত্ৰই সদৰি কৰা মতে পুঁজিৰ অভাৱতে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে সাঁতোৰবিদগৰাকী৷ যদিও সাঁতোৰ জগতৰ পৰা বিদায় ল’বলৈ মানসিক ভবে প্ৰস্তুত নহয়, প্ৰতিটো অভিযান যথেষ্ট ব্যয়বহুল হোৱা বাবে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাঁতোৰবিদগৰাকীয়ে৷

    অসমৰ বাবে ইমান গৌৰৱ কঢ়িয়াই অনাৰ পিছতো অৰ্থিকসাহাৰ্য বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে খেলুৱৈগৰাকীয়ে৷পৰ্যাপ্ত পুঁজিৰ অভাৱৰ বাবে আক্ষেপ ব্যক্ত কৰিছে সাঁতোৰবিদগৰাকীয়ে৷ চৰকাৰৰ সাহাৰ্য পৰ্যাপ্ত নহয় এটা অভিযানৰ বাবে৷ এলভিছ আলী হাজৰিকা অৱসৰৰ পূৰ্বে তিনিখন মহাসাগৰত সাঁতুৰিব বুলি সদৰি কৰিছে৷