• বিশ্বকাপত টিকি থাকিল পাকিস্তানঃ ফখৰ জামানৰ দূৰ্দান্ত শতক আৰু বৰষুণে ৰক্ষা কৰিলে বাবৰ বাহিনীক, চাৰিশ ৰান অতিক্ৰম কৰিও হাৰিল কিৱি বাহিনী

    ক্ৰীড়া
    বিশ্বকাপত টিকি থাকিল পাকিস্তানঃ ফখৰ জামানৰ দূৰ্দান্ত শতক আৰু বৰষুণে ৰক্ষা কৰিলে বাবৰ বাহিনীক, চাৰিশ ৰান অতিক্ৰম কৰিও হাৰিল কিৱি বাহিনী
    ডিজিটেল ডেস্কঃ বিশ্বকাপত এতিয়াও বাচি থাকিল পাকিস্তান। বাংগালুৰুত নিউজিলেণ্ডৰ ইনিংছৰ পিছত এনে লাগিছিল যে শনিবাৰে বাবৰ আজমে হয়তো বিশ্বকাপৰ পৰা আতৰিব লাগিব। কিন্তু ফখৰ জামান আৰু তাৰ পিছত বৰষুণে ৰক্ষা কৰিলে। ডাকৱৰ্থ-লুইছৰ শাসনত পাকিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰে। এই পৰাজয়ে কেন উইলিয়ামছনবাহিনীৰ বাবে ছেমি ফাইনেললৈ যোৱাটো কঠিন হৈ পৰিছিল।

    এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰে পাকিস্তানে। নিউজিলেণ্ডে আৰম্ভ কৰে বেটিং বিক্ৰম। অপেনাৰ ডেভন কনৱে’ই ৩৫ ৰাণ কৰাৰ উপৰিও ৰছীন ৰবীন্দ্ৰৰ স’তে প্ৰথম উইকেটৰ যুটীত ৬৮ ৰাণ কৰে। তাৰপাছত আৰম্ভ হয় কেন উইলিয়ামছন (৯৫) আৰু ৰছীনৰ যাদু। ৰছীনে কৰে ১০৮ (৯৪) ৰানৰ আন এটা দূৰ্দান্ত ইনিংছ। তেওঁলোকৰ উপৰিও মিডল অৰ্ডাৰত ডাৰিল মিচেল (২৯),মাৰ্ক চেপমেন (৩৯), গ্লেন ফিলিপছ (৪১) আৰু মিচেল ছাণ্টনাৰ (২৬)-ৰ মাৰমুখী বেটিঙেৰে ৬ উইকেটত মুঠ ৪০১ ৰাণ সংগ্ৰহ কৰে কিৱি বাহিনীয়ে। পাকিস্তানৰ হৈ মহম্মদ ৱাছিম জুনিয়ৰে তিনিটাকৈ উইকেট দখল কৰে।

    ৪০২ ৰাণৰ তীব্ৰ কঠিন লক্ষ্য আগত বেটিং ক্ৰিজত নামিয়েই আব্দুল্লাহ শ্বফিকৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় পাকিস্তানে। কিন্তু তাৰপাছৰে পৰা আৰম্ভ হয় ফখৰ জামানৰ ধুমুহা। অতি দ্ৰুতগতিৰে তেওঁ জয়ৰ লক্ষ্যৰ ফালে দলক লৈ যায়। অৰ্জন কৰে পাকিস্তানৰ ইতিহাসত বিশ্বকাপত কোবোৱা আটাইতকৈ খৰতকীয়া শতক। ফখৰক যোগ্য সহযোগিতা আগবঢ়ায় যায় বাবৰ আজমে।

    কিন্তু ইয়াৰ মাজতে বৰষুণে বাধা দিয়ে। সেয়ে ডিএলছ পদ্ধতি অনুসৰি অভাৰ আৰু ৰানসংখ্যা কমাই অনা হয়। পাকিস্তানৰ নেট ৰান ৰেট বৰষুণ দিয়ালৈকে বিজয়ী ৰানতকৈ বৃদ্ধি পাই আছিল। ফলস্বৰূপে ২৫.৩ অভাৰত ২০০ ৰান কৰি থকা অৱস্থাত বিজয় সাব্যষ্ট কৰে বাবৰ আজম বাহিনীয়ে। সেই সময়লৈকে ফখৰে ৮১টা বলত ১২৬ ৰাণ আৰু বাবৰ আজমে ৬৩টা বলত ৬৬ ৰানত অপৰাজীত আছিল। নিউজিলেণ্ডৰ হৈ একমাত্ৰ উইকেটটো লয় টীম চাউদীয়ে।

    উল্লেখ্য যে আজিৰ মেচখন আছিল পাকিস্তানৰ বাবে অগ্নিপৰীক্ষাসদৃশ্য। এতিয়া জয়ী হোৱাৰ পাছত বিশ্বকাপত টিকি থকাটো সম্ভৱ হৈছে তেওঁলোকৰ বাবে। কিন্তু এয়াই যথেষ্ট নহয়। খেলিবলগা আটাইকেওখন মেচত জয়ী হোৱাৰ উপৰিও ছেমি ফাইনেলত স্থান লাভ কৰিবলৈ বাকী দলসমূহৰ উপৰতো নিৰ্ভৰ কৰিব লাগিব তেওঁলোকে।