• গুৱাহাটী দবা একাডেমীৰ কেইবাগৰাকীও খেলুৱৈৰ ফিডে ৰেটিং লাভ

    ক্ৰীড়া
    গুৱাহাটী দবা একাডেমীৰ কেইবাগৰাকীও খেলুৱৈৰ  ফিডে ৰেটিং লাভ
    ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈ, ভৌমিক কিশোৰ দাস, হৃয়ান কৌশিক ঠাকুৰীয়া, তমন্না শৰ্মা, আৰু তানিষ্ক ঠাকুৰীয়াক ফিডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা এপ্ৰিল, ২০২৪ চনৰ ফিডে ৰেটিং তালিকা অনুসৰি ভৌমিক কিশোৰ দাসে ১৫৫০ ৰেটিং লাভ কৰাৰ বিপৰীতে হৃয়ান কৌশিক ঠাকুৰীয়াই ১৪৭২ ৰেটিং লাভ কৰিছে।তমন্না শৰ্মা আৰু তানিষ্ক ঠাকুৰীয়াই ক্ৰমে ১৪৬১ আৰু ১৪৪৯ ৰেটিং পইণ্ট লাভ কৰিছে।

    এই খেলুৱৈসকলক ২৩ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা মুকলি আন্তঃৰাস্ত্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা ২০২৪ত প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হয়।ফিডে প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ তত্ত্বাৱধানত ভৌমিক, হৃয়ান, তমন্না, আৰু তানিষ্কে গুৱাহাটী দবা একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

    গুৱাহাটী দবা একাডেমীৰ হৈ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে ভৌমিক, হৃয়ান, তমন্না, আৰু তানিষ্কক তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।