• অসন্তুষ্ট বিৰাট কোহলী ; ইনষ্টাগ্ৰামত ব্লক কৰিলে এজন অষ্ট্ৰেলিয়ান কিংবদন্তিক

    ক্ৰীড়া
    অসন্তুষ্ট বিৰাট কোহলী ; ইনষ্টাগ্ৰামত ব্লক কৰিলে এজন অষ্ট্ৰেলিয়ান কিংবদন্তিক
    ডিজিটেল ডেস্কঃ ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলী আৰু অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেল হয়তো এতিয়া বন্ধুত্বৰ এনাজৰীত , কিন্তু এটা সময়ত তেওঁলোকৰ সম্পৰ্কতো ধৰিছিল ঘূণে ।

    অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ মেক্সৱেলে শেহতীয়াকৈ মুক্তি পোৱা কিতাপ ‘দ্য শ্ব’মেন’ত প্ৰকাশ কৰিছে যে পঞ্জাৱ কিংছৰ সৈতে বিতৰ্কিত সময়ৰ পিছত অষ্ট্ৰেলিয়াৰ পাৱাৰ হিটাৰগৰাকীক ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু চেট-আপত অন্তৰ্ভুক্ত কৰাত কোহলীয়ে কেনেদৰে সমৰ্থন কৰিছিল আৰু প্ৰাক্তন অধিনায়কগৰাকীয়ে আৰচিবিৰ অধিনায়কক তেওঁৰ সমৰ্থন বাবে ধন্যবাদ জনাই ৷
    5 Times When Virat Kohli Got Angry On The Cricket Field - Cricfit


    আই পি এল ২০২১ৰ পূৰ্বে আৰ চি বিয়ে ১৪.২৫ কোটি টকাৰ বিপুল মূল্যত মেক্সৱেলক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল। কিন্তু সতীৰ্থ হোৱাৰ চাৰি বছৰ পূৰ্বে দুয়োৰে মাজত হোৱা এক কাণ্ডই কোহলীয়ে ইনষ্টাগ্ৰামত মেক্সৱেলক ব্লক কৰিবলৈ বাধ্য হৈছিল।

    এক প’ডকাষ্টত মেক্সৱেলে কয় যে, ‘‘যেতিয়া মই গম পালোঁ যে মই আৰচিবিলৈ যাম, তেতিয়া বিৰাটে মোক প্ৰথম মেছেজ কৰা ব্যক্তি আছিল আৰু মোক দললৈ আদৰণি জনাইছিল। মই যেতিয়া প্ৰি-আই পি এল ট্ৰেইনিং কেম্পৰ বাবে আহিছিলো, তেতিয়া আমিও কথা পাতিছিলো আৰু বহুত সময় একেলগে ট্ৰেইনিং কৰিছিলো । তাৰ পিছত মই তেওঁলোকৰ ছ’চিয়েল মিডিয়ালৈ গৈ তেওঁলোকক ফ’ল’ কৰিলোঁ, তাৰ আগতে মই এই বিষয়েও নাভাবিলোঁ কাৰণ মোৰ মনলৈ কেতিয়াও নাহিল কিন্তু মই তেওঁলোকক ইনষ্টাগ্ৰামত বিচাৰি নাপালোঁ।’’
    Glenn Maxwell Names THIS India Star As 'Best All-Format Bowler Of All Time'  News24 -

    তেওঁ আগলৈ কয়, ‘‘মই নিশ্চিত আছিলো যে তেওঁ ক’ৰবাত ছ’চিয়েল মিডিয়াত থাকিব, গতিকে মই এই বিষয়ে একো নাভাবিলোঁ। এনে নহয় যে হয়তো তেওঁ ইনষ্টাগ্ৰামৰ বিষয়ে নাজানিছিল। কিয় নাহিলে বুজি নাপালোঁ আৰু তাৰ পিছত কোনোবাই ক’লে চাগে তোমাক ব্লক কৰিলে। সেইটোৱেই একমাত্ৰ বিকল্প যে আপুনি তেওঁক বিচাৰি নাপাব। মই ভাবিলোঁ ‘এইটো সম্ভৱ নহয়’।’’

    মেক্সৱেলৰ এই কাৰ্য্য কোহলীয়ে ভাল নাপালে

    মেক্সৱেলে কয় যে ‘তাৰ পিছত মই তেওঁৰ ওচৰলৈ গৈ তেওঁক সুধিলোঁ ‘আপুনি মোক ইনষ্টাগ্ৰামত ব্লক কৰিছেনে?’। আৰু তেওঁ ক’লে, ‘হয় চাগে, সেই টেষ্ট মেচৰ সময়ত তুমি মোক ঠাট্টা কৰিছিলা আৰু সেইটো সময়ত মোৰ এনেকুৱাই হৈছিল। মই বহুত ভাবিলো আৰু তোমাক ব্লক কৰাৰ সিদ্ধান্ত ল’লো। মই ক’লোঁ ‘হয়, বুজিছো মই’। তাৰ পিছত, তেওঁ মোক আনব্লক কৰিলে, এতিয়া আমি ভাল বন্ধু হৈ পৰিলোঁ।’



    আচলতে ঘটনাটো ২০১৭ চনৰ যেতিয়া অষ্ট্ৰেলিয়াই সীমান্ত গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল, তেতিয়া মেক্সৱেলে কোহলীক বেয়াকৈ ঠাট্টা কৰিছিল। শৃংখলাৰ সময়ত দুয়োটা দলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল।

    ৰাঞ্চিত তৃতীয় টেষ্টৰ প্ৰথম দিনাই ফিল্ডিং কৰি থকা অৱস্থাত কোহলীয়ে কান্ধত আঘাত পাইছিল কিন্তু দুদিন পিছত যেতিয়া অষ্ট্ৰেলিয়াৰ ফিল্ডিংৰ পাল আহিল তেতিয়া মেক্সৱেলে কোহলীক ঠাট্টা কৰে। ভাৰতীয় প্ৰাক্তন অধিনায়কজনক অনুকৰণ (নকল) কৰি মেক্সৱেলে সোঁ কান্ধখনত ধৰি তেওঁক জোকাইছিল। কোহলীয়ে আঘাতৰ বাবে ধৰমশালাত অনুষ্ঠিত হোৱা অন্তিমখন টেষ্ট মেচৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল।