• আইপিএল ২০২৫ ৰ বাবে সাজু গুৱাহাটী ;নিজৰ দলটোক সমৰ্থন কৰিবলৈ আহিব পাৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰূখ খান

    ক্ৰীড়া
    আইপিএল ২০২৫ ৰ বাবে সাজু গুৱাহাটী ;নিজৰ দলটোক সমৰ্থন কৰিবলৈ আহিব পাৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰূখ খান
    ডিজিটেল ডেস্কঃ বৰষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আইপিএল ২০২৫ৰ বহু প্ৰত্যাশিত খেলৰ বাবে বলীউড আৰু ক্ৰীড়াৰ চেলিব্ৰিটিসকলৰ সাক্ষী হ’ব গুৱাহাটী মহানগৰী ৷ৰাজস্থান ৰয়েলছৰ ঘৰুৱা দুখন ডাঙৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে - ২৬ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু ৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৷ উত্তেজনা শিখৰত উপনীত হৈছে দেশৰ ক্ৰিকেট অনুৰাগীৰ।

    অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰি আই পি এলৰ ডিফেণ্ডিং চেম্পিয়ন নিজৰ দলটোক সমৰ্থন কৰিবলৈ আহিব পাৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। অনুৰাগীসকলৰ বাবে আনন্দৰ বিষয় যে ৩০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চি এছ কেৰ সৈতে যাত্ৰা কৰিব ক্ৰিকেট কিংবদন্তি মহেন্দ্ৰ সিং ধোনীয়ে।

    ষ্টেডিয়ামৰ ৰোমাঞ্চকৰ পৰিৱেশ আৰু ভাৰতৰ দুগৰাকী ডাঙৰ কিংবদন্তিক এখন চালিৰ তলত দেখাৰ সম্ভাৱনাৰে গুৱাহাটীত এক অবিস্মৰণীয় ক্ৰিকেটৰ বাবে সাজু হৈছে সমগ্ৰ ভাৰতবাসী।