স্বাস্থ্য
ডিজিটেল ডেস্কঃ বিৰাট কোহলী
নহয়, জো ৰুটেই সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। এই কথা ব্যক্ত কৰিছে বিচিচিআইৰ সভাপতি
সৌৰভ গাংগুলীয়ে। স্মৰ্তব্য যে,
জোছেফ এডৱাৰ্ড ৰুটে
লৰ্ডছত শতক অৰ্জন কৰি ইংলেণ্ডক জয়ৰ দিশত আগুৱাই লৈ যায়। ইয়াৰ পিছতে ইংলেণ্ডৰ
প্ৰাক্তন অধিনায়কগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সৌৰভ গাংগুলী। ৰুটৰ খেলে মুগ্ধ কৰা বুলিও টুইট কৰিছে সৌৰভে।
ইংলেণ্ডৰ জয়ৰ কিছু সময়ৰ পাছতে
সৌৰভে টুইট কৰে। তেওঁ লিখিছে, ‘জো ৰুট এজন অসাধাৰণ ক্ৰিকেটাৰ। চাপত থকাৰ পাছতো অসাধাৰণ ইনিংছ খেলিছে। সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্যতম তেওঁ।’
বৰ্তমান ক্ৰিকেটত শীৰ্ষ চাৰিজন বেটছমেনৰ ভিতৰত বিৰাট কোহলী আৰু জো ৰুটৰ প্ৰসংগই
সৰ্বাধিক চৰ্চিত। কেইবছৰমান আগলৈকে সকলোতকৈ আগত আছিল কোহলী। কিন্তু ২০১৯ চনৰ নৱেম্বৰৰ পৰা সলনি হৈছে মানচিত্ৰ।
কোহলীৰ ফৰ্মৰ দ্ৰুত অৱনতি ঘটিছে। এই সময়ছোৱাতে ক্ষিপ্ৰতাৰে
আগুৱাইছে জো ৰুটে।
২০১৯ চনৰ ২২ নৱেম্বৰত কলকাতাত
বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন টেষ্টত কোহলীয়ে শতক অৰ্জন কৰিছিল। তাৰ পাছৰে পৰা
তেওঁ ১৬ খন টেষ্টত মুঠ ৭৪১ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ বেটৰ পৰা মাত্ৰ ছটা অৰ্ধশতকহে
আহিছে।
আনহাতে, ২০১৯ চনৰ ২২ নৱেম্বৰৰ পৰা ৰুটে মুঠ ৩১ খন টেষ্ট খেলিছে। ৰুটৰ বেটৰ পৰা আহিছে ২৯৫৯ ৰান। ৩১ খন টেষ্টত ৰুটে ৮টা অৰ্ধশতক আৰু ১০টা অনবদ্য শতকীয় ইনিংছো খেলিছে।
ইয়াৰে ৩টা দ্বিশতকীয় ইনিংছো আছে।
Leave A Comment