ডিজিটেল ডেস্কঃ শিখৰ ধাৱানে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা আঁতৰি আছিল শিখৰ ধাৱন। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক অৱসৰৰ বিষয়ে অৱগত কৰে তেওঁ।
ভাৰতীয় দলটোক বহু মেচত জয়ী কৰা শিখৰ ধাৱানৰ বিদায় মেচখন খেলাৰ সৌভাগ্য নাছিল। বহু ভাৰতীয় ক্ৰিকেটাৰৰ দৰে শিখৰ ধাৱানেও বিদায় মেচ খেলিবলৈ নাপালে। এনেদৰে বিদায় মেচখন নোপোৱা ভাৰতীয় খেলুৱৈ কোন কোন আছিল সেই কথা জানো আহক -
যুৱৰাজ সিং :
২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ নায়ক যুৱৰাজ সিঙে বিদায় মেচখন খেলাৰ সুযোগ নাপালে। ২৮ বছৰৰ পাছত ভাৰতে এদিনীয়া বিশ্বকাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেৱল বেটেৰেই নহয় বলৰ সৈতেও তেওঁৰ আচৰিত প্ৰদৰ্শন আছিল। যুৱৰাজক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয়। ২০০৭ চনৰ টি-২০ বিশ্বকাপতো যুৱৰাজে বহু গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।
বীৰেন্দ্ৰ সেহৱাগ :
বিস্ফোৰক অ’পেনিং বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে ২০১৩ চনৰ মাৰ্চ মাহত নিজৰ কেৰিয়াৰৰ শেষৰখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। হায়দৰাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এই টেষ্টত ছেহৱাগে ৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত ২০১৫ চনত তেওঁ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
মহেন্দ্ৰ সিং ধোনী :
এদিনীয়া বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৰান আউট এতিয়াও ক্ৰিকেট অনুৰাগীৰ মনত সতেজ হৈ থাকিব। এইখন আছিল ধোনীৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ। ইয়াৰ পিছত তেওঁ ভাৰতীয় দলত নাথাকিল। এনে পৰিস্থিতিত ২০২০ চনৰ ১৫ আগষ্টত ছচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে।
সুৰেশ ৰাইনা :
২০১৮ চনৰ ১৭ জুলাইত লৰ্ডছত ইংলেণ্ড দলৰ বিৰুদ্ধে সুৰেশ ৰাইনাই নিজৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এই মেচত তেওঁ ৪টা বলত ১ ৰান সংগ্ৰহ কৰে। এনে পৰিস্থিতিত ধোনিৰ লগতে সুৰেশ ৰাইনাও ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লৈছিল।
Leave A Comment