• আতিফ আছলামৰ কণ্ঠত চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীত মুকলি আইচিচিৰ

    ক্ৰীড়া
    আতিফ আছলামৰ কণ্ঠত চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীত মুকলি আইচিচিৰ
    ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শুকুৰবাৰে মুকলি কৰে আইচিচি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আনুষ্ঠানিক গীত ‘জীতো বাজী খেল কে’ শীৰ্ষক গীতটো, য’ত প্ৰখ্যাত পাকিস্তানী প্লেবেক গায়ক তথা গীতিকাৰ আতিফ আছলামে কণ্ঠদান কৰিছে।

    আইচিচিৰ পুৰুষ চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ মাত্ৰ ১২ দিন বাকী ৷ এই অৱস্থাত  গীতটোৰ মুক্তিয়ে ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ পাকিস্তান আৰু সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’বলগীয়া ১৫খন খেলৰ প্ৰতিযোগিতাখনৰ পূৰ্বে আৰু অধিক উত্তেজনা বৃদ্ধি কৰিব।

    পাকিস্তানৰ প্ৰখ্যাত কণ্ঠশিল্পী আতিফ আছলামৰ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে বিপুল অনুৰাগী আছে । বলীউডৰ এগৰাকী পাৰ্শ্ব গায়ক হিচাপে তেওঁৰ ভাৰতত উচ্চ প্ৰশংসিত ৷ কণ্ঠশিল্পীগৰাকীয়ে কয়,"মই ক্ৰিকেটৰ প্ৰতি অতি আকৰ্ষিত আৰু মই সদায় এজন বেগী বলাৰ হ'ব বিচাৰিছিলো। খেলৰ প্ৰতি আকৰ্ষণ আৰু বুজাবুজি থকাৰ বাবে - মই অনুভৱ কৰোঁ যে মই ৰাইজৰ উৎসাহ, তেওঁলোকৰ উত্তেজনা আৰু অনুৰাগী হোৱাৰ অনুভৱৰ সৈতে সংযুক্ত হৈছো। আগতে মই মেচসমূহলৈ আগ্ৰহেৰে বাট চাই আছিলো, বিশেষকৈ ভাৰত বনাম পাকিস্তানৰ মেচখন, যিখন খেল সদায় আৱেগৰ ৷

    অনুষ্ঠানটোৰ আনুষ্ঠানিক গীতটো প্ৰযোজনা কৰিছে আব্দুল্লা ছিদ্দিকীয়ে আৰু গীতৰ কথা লিখিছে আদনান ধূল আৰু আছফাণ্ডিয়াৰ আছাদে। ৰাজপথৰ পৰা বজাৰ আৰু ষ্টেডিয়ামলৈকে পাকিস্তানৰ বৈচিত্ৰময় সংস্কৃতিৰ দৃশ্যগত উদযাপন কৰা এই মিউজিক ভিডিঅ’টোত খেলৰ মৰম আৰু আনন্দ প্ৰদৰ্শন কৰা হৈছে।

    দুসপ্তাহজোৰা এই ৰোমাঞ্চকৰ প্ৰতিযোগিতাত বিশ্বৰ শীৰ্ষ আঠটা দলে ১৯ দিনৰ ভিতৰত ১৫খন ৰোমাঞ্চকৰ মেচত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব ৷ 

    আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ টুৰ্ণামেণ্টৰ সঞ্চালক তথা পিচিবিৰ মুখ্য পৰিচালন বিষয়া সুমাইৰ আহমেদ চৈয়দে কয় যে, “আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আনুষ্ঠানিক গীতটো মুকলি কৰাৰ লগে লগে আমি এই বিশ্বব্যাপী দৃশ্যপটৰ পথত আন এক ৰোমাঞ্চকৰ মাইলৰ খুঁটি চিহ্নিত কৰিছো, পাকিস্তানী সংগীত শক্তিশালী আতিফ আছলামে পিএছএলৰ বাবে ব্লকবাষ্টাৰ গীত আগবঢ়াইছে, আৰু আমাৰ কোনো সন্দেহ নাই যে এই গীতে মঞ্চত খলকনিৰ সৃষ্টি কৰিব।