ডিজিটেল ডেস্কঃ দেওবাৰে নিউয়ৰ্কত টি-২০ বিশ্বকাপৰ খেলখনত ভাৰত-পাকিস্তানৰ মাজত যুঁজ হয়। সেই মেচতে দেখা পোৱা হৈছিল ৰাজনীতিৰ ৰং। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইমৰাণ খানৰ অনুগামীসকলে তেওঁক মুক্তিৰ দাবী জনাইছে।
দুৰ্নীতিৰ অভিযোগত জেলত আছে পাকিস্তানৰ প্ৰাক্তন বিশ্ব বিজয়ী অধিনায়ক। দেওবাৰে নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামত দুয়োখন দেশৰ ক্ৰিকেট প্ৰেমীসকলে তেওঁৰ প্ৰভাৱ অনুভৱ কৰে। ইমৰাণ ভাৰত-পাকিস্তানৰ মেচ চাবলৈ যোৱা নাছিল। পাকিস্তানত জেলত থকা প্ৰাক্তন অধিনায়কগৰাকীৰ সেই সুযোগো নাই।
কিন্তু মেচৰ মাজত ষ্টেডিয়ামৰ ওপৰেৰে এখন সৰু বিমান উৰি থাকে। সেই বিমানখনত এখন বেনাৰ লগোৱা হৈছিল। লিখা আছিল, "ইমৰাণ খানক মুকলি কৰি দিয়ক৷’’ এইদৰেই তেওঁৰ অনুগামীসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক মুক্তিৰ দাবী উত্থাপন কৰিছে। ‘ৰিলিজ ইমৰাণ খান’ লিখা বেনাৰখন ক্ৰিকেট প্ৰেমীৰ দৃষ্টিৰ পৰা সাৰি নগ’ল। বিমানখনে বেনাৰ লৈ ষ্টেডিয়ামৰ ওপৰেৰে উৰি যোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইমৰাণৰ মুক্তিৰ এয়া প্ৰথম দাবী নহয়। ইয়াৰ পূৰ্বে পাকিস্তান-আয়াৰলেণ্ড ছিৰিজৰ সময়ত ইমৰাণৰ এজন সমৰ্থকে ‘ফ্ৰী ইমৰাণ খান’ বুলি লিখা পোষ্টাৰত মহম্মদ ৰিজৱানৰ স্বাক্ষৰ লোৱা দেখা গৈছিল।
Leave A Comment