ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত বক্সিংত অসমৰ হৈ পদক অৰ্জন কৰা পাঁচগৰাকী বক্সাৰৰ সম্বৰ্ধনা জানাই অসম এমেচাৰ বক্সিং সন্থাই। গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত অসম এমেচাৰ বক্সিং সন্থা আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত হয় এই অনুষ্ঠান।
অনুষ্ঠানটোত উপস্থিত থকে বক্সাৰ লাভলিনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা, অভিনৱ শইৰকীয়া। অৱশ্যে বিশেষ কাৰণবশত বক্সাৰ আইকন মিলিয়ে অনুষ্ঠানটোত অনুপস্থিত থাকে। দল-সংগঠনসমূহে আটাইকেইগৰাকী খেলুৱৈক সম্বৰ্ধনা জনাই।
ইফালে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি ভাৰতীয় বক্সিং ফেডাৰেচনৰ প্ৰধান সম্পাদক হেমন্ত কলিতাই অসমত বক্সিং সন্থাৰ সীমিত সুবিধাৰ বিষয়ে চৰকাৰক আৰু অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই।
ৰাজ্যৰ বেছিভাগ ক্ৰীড়া সংগঠনৰ লগতে অসম বক্সিং সন্থায়ো জিলা, ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ নিজেই ব্যয় বহন কৰি খেলুৱৈসকলক আগবঢ়াই নিয়া বুলি মন্তব্য প্ৰদান কৰে হেমন্ত কলিতাই।
লাভলিনা বৰগোঁহাইয়ে নিজৰ মত প্ৰকাশ কৰি কয় যে আধ্যাত্মিকতাই মোক শক্তিহে দিছে,হাৰিয়ানাৰ বেছিভাগ খেলুৱৈ ভেজিটেৰিয়ান।মহাকুম্ভ সেইকাৰণে গৈছিলোঁ। তেওঁলোকে বিচৰাৰ বাবেই দিক্ষাও ল'লোঁ।
অংকুশিতা বড়োৱে মত প্ৰকাশ কৰি কয় যে আজিৰ পৰা বহু বছৰ আগতেই গোলাঘাটৰ পৰা ওলাই গৈছিলোঁ।আজি গোলাঘাটত ছাৰ-বাইদেউ,বান্ধবীসকলক লগ পাই আবেগিক হৈছোঁ।নতুনকৈ অহা ৬৫ কেজি কেটেগৰীত এইবাৰ কমনৱেলথ,অলিম্পিকত অৱতীৰ্ণ হ'ম।
আন গৰাকী খেলুৱৈয়ে কয় যে গোলাঘাটৰ পৰাই অসমৰ বেছিভাগ বক্সাৰ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে। লাভলিনা,অংকুশিতা,আইকন,অভিনৱৰ লগতে মোৰো গোলাঘাটৰ সৈতে এটা সম্পৰ্ক আছে। আজি ইয়াত উপস্থিত থাকি আনন্দিত বুলি উল্লেখ কৰে।
Leave A Comment