ডিজিটেল ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খন টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ ১৪ ডিচেম্বৰৰ পৰা গাব্বাত অনুষ্ঠিত হৈ আছে। বৰষুণে বাধা প্ৰদান কৰা বাবে প্ৰথম দিনাৰ খেলত বিঘিনি ঘটে যদিও দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটিঙেৰে ভাৰতীয় দলক দিশহাৰা কৰি তোলে। আৱশ্যে ইয়াৰ পিছতো ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে এক ডাঙৰ অভিলেখ গঢ়ে।
অষ্ট্ৰেলিয়াই দ্বিতীয় দিনা ৭ উইকেটত ৪০৫ ৰানৰ বৃ্হৎ স্ক’ৰ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। ভাৰতৰ পক্ষত কেৱল যশপ্ৰীত বুমৰাহে ৫টাকৈ উইকেটত দখল কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে এছিয়াৰ বাহিৰত সৰ্বাধিক পাঁচটা উইকেট লাভ কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কিংবদন্তি খেলুৱৈ কপিল দেৱ এই কৃতিত্বৰ অধিকাৰী আছিল। এছিয়াৰ বাহিৰত এতিয়ালৈকে বুমৰাহে ১০ বাৰ পাঁচটা উইকেট দখল কৰাৰ বিপৰীতে কপিল দেৱে ৯ বাৰ পাঁচটা উইকেট দখল কৰি এই কৃতিত্ব অৰ্জন কৰিছিল।
ইয়াৰ উপৰিও বুমৰাহ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৫ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। বুমৰাহে ১২খন টেষ্টত ৫টা উইকেট দখল কৰিছে। ভাৰতৰ হৈ টেষ্টত ক্ৰিকেটত কপিল দেৱে সৰ্বাধিক ৫ উইকেট দখল কৰে। তেওঁ ২৩ খন টেষ্টত ৫ উইকেট দখল কৰি এই তালিকাৰ শীৰ্ষত আছে। দ্বিতীয় স্থানত বুমৰাহ, আৰু তৃতীয় স্থানত জহীৰ খানৰ নাম আছে৷ ইয়াৰ উপৰিও তালিকাৰ চতুৰ্থ স্থানত আছে ঈশান্ত শৰ্মা৷
উল্লেখযোগ্য যে চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰতিপক্ষক ধাৰাশায়ী কৰি শক্তিশালী স্থিতি বৰ্তাই ৰাখিছে৷ বিশেষ কৈ অষ্ট্ৰেলিয়াৰ বাওঁহতীয়া বিস্ফোৰক অষ্ট্ৰেলিয়াৰ বেটছমেন ট্ৰেভিছ হেড ভৰতীয় দলৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে৷ এইবাৰ কেংগাৰু বাহিনীৰ সন্মুখত দুৰ্বল হৈ পৰিছে ভাৰতীয় দল৷
Leave A Comment