• বিশ্বকাপৰ পাছতে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ টি২০ চিৰিজঃ দল ঘোষণা অষ্ট্ৰেলিয়াৰ, অধিনায়ক পেট কামিন্সক জিৰণী

    ক্ৰীড়া
    বিশ্বকাপৰ পাছতে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ টি২০ চিৰিজঃ দল ঘোষণা অষ্ট্ৰেলিয়াৰ, অধিনায়ক পেট কামিন্সক জিৰণী
    ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপৰ অন্ত পৰাৰ চাৰিদিন পিছতে মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া। পাঁচখন টি-২০ মেচৰ শৃংখলাত দুয়োটা দলে খেলিব। বিশ্বকাপৰ মাজতে শনিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই শৃংখলাৰ বাবে দল ঘোষণা কৰে। অধিনায়ক পেট কামিন্সক দলত ৰখা হোৱা নাই।

    বিশ্বকাপৰ পাছত ২০ অভাৰৰ পাঁচখন খেলৰ শৃংখলা খেলিহে ঘৰলৈ উভতিব ষ্টিভ স্মিথবাহিনী। এই ধাৰাবাহিকখনৰ বাবে কামিন্সক জিৰণি দিয়া হৈছে। মেথিউ ৱেডে দলটোৰ নেতৃত্ব দিব। বিশ্বকাপ দলৰ ৬ জন সদস্যক ১৫ জনীয়া দলটোত ৰখা হৈছে।

    স্মিথৰ উপৰিও দলটোত আছে ডেভিদ ৱাৰ্নাৰ, ট্ৰেভিছ হেড, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা, জোছ ইংলিছ আৰু শ্বেন এবট। বিশ্বকাপৰ ৰিজাৰ্ভ সদস্য তনবীৰ সংঘও ১৫ জনীয়া টি-২০ ছিৰিজৰ দলত আছে। দলটোত আছে টিম ডেভিদ, মেট শ্বৰ্ট, নাথান এলিছ, স্পেন্সৰ জনছন আৰু জেছন বেহৰেণ্ডৰ্ফ।

    অষ্ট্ৰেলিয়াৰ ১৫ জনীয়া দল : মেথিউ ৱেড (অধিনায়ক), ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্নাৰ, ট্ৰেভিছ হেড, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা, জোছ ইংলিছ, শ্বেন এবট, টিম ডেভিদ, মেট শ্বৰ্ট, নাথান এলিছ, টানভিৰ সংঘ, স্পেন্সৰ জনছন আৰু জেছন বেহৰেণ্ডৰ্ফ।