ডিজিটেল ডেস্কঃ বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ টেষ্ট মেচৰ প্ৰথম দিনৰ খেল বাতিল কৰা হৈছে। বেংগালুৰুত ধাৰাসাৰ বৰষুণ। আনকি টছটোও কৰিব পৰা নগ’ল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। এতিয়া টছ খেলখনৰ দ্বিতীয় দিন বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব। ইতিমধ্য বিচিচিআইয়ে টছ আৰু মেচৰ সময় অৱগত কৰিছে।
বুধবাৰে পুৱা ৯.৩০ বজাৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট মেচখন আৰম্ভ হ’ব লাগিছিল। ইয়াৰ বাবে টছ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব লাগিছিল। বিচিচিআইয়ে ঘোষণা কৰিছে মেচ আৰু টছৰ নতুন সময়। এই খেলখনৰ বাবে টছ বৃহস্পতিবাৰে পুৱা ৮.৪৫ বজাত অনুষ্ঠিত হ’ব। ৯.১৫ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। খেলখনৰ প্ৰথম দিনটোত সম্পূৰ্ণৰূপে বৰষুনে ধুই পেলালে ৷
বেংগালুৰু টেষ্টৰ দ্বিতীয় দিনাও সলনি হ’ব ইনিংচৰ সময়। দিনটোৰ প্ৰথম ইনিংচ পুৱা ৯.১৫ বজাৰ পৰা ১১.৩০ বজালৈ হ’ব। দ্বিতীয় ইনিংচ দিনৰ ১২.১০ বজাৰ পৰা ০২.২৫ বজালৈ হ’ব। আনহাতে তৃতীয় ইনিংচ হ’ব নিশা ০২.৪৫ বজাৰ পৰা ০৪.৪৫ বজালৈ।
সংবাদ মাধ্যমে জনোৱা মতে খেলখনৰ প্ৰথম দিনাই বিৰাট কোহলী আৰু যশস্বী জয়ছৱালকে ধৰি বহু খেলুৱৈয়ে ইনড’ৰ প্ৰেকটিছ কৰিছিল। বৰষুণৰ বাবে মাটি অতি তিতি যায়। এই কাৰণেই খেলুৱৈসকলে ঘৰৰ ভিতৰতে অনুশীলন কৰে। খেলপথাৰৰ পৰা কিট বেগ কঢ়িয়াই অনাও দেখা গ’ল কোহলী আৰু যশস্বী। প্লেইং ইলেভেনত যশস্বী আৰু কোহলীৰ স্থান প্ৰায় নিশ্চিত। যশস্বীয়ে হয়তো ৰোহিত শৰ্মাৰ সৈতে অ’পেনিংৰ বাবে সুযোগ পাব।
Leave A Comment