• ভাৰতে শেষবাৰৰ বাবে কাৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলিছিল? জানি লওক

    ক্ৰীড়া
    ভাৰতে শেষবাৰৰ বাবে কাৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলিছিল? জানি লওক
    ডিজিটেল ডেস্কঃ দেওবাৰে ৰোহিত শৰ্মাৰ অধিনায়কত্বত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন খেল খেলিব টিম ইণ্ডিয়াই। নিউজিলেণ্ডৰ মুখামুখি হ’ব ভাৰত। যোৱা ছিৰিজত টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল। চেম্পিয়নছ ট্ৰফী ২০১৭ৰ চূড়ান্ত খেলখন লণ্ডনত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হয়। কিন্তু এই মেচত ভাৰতীয় দলৰ অতি নিৰাশাজনক প্ৰদৰ্শন দেখা গ’ল।

    চেম্পিয়নছ ট্ৰফী ২০১৭ত ভাৰতে তিনিখন গ্ৰুপ মেচ খেলিছিল। এই সময়ছোৱাত দুখন মেচত জয়ী হৈছিল আৰু এখনত পৰাস্ত হৈছিল। গ্ৰুপ মেচখনত পাকিস্তানক ১২৪ ৰানত পৰাস্ত কৰিছিল। কিন্তু ফাইনেলত পাকিস্তানে অধিক শক্তিশালী বুলি প্ৰমাণ কৰিলে। প্ৰথমে বেটিং কৰি পাকিস্তানে ৩৩৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ফখৰ জামানে ১১৪ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৫৮ ৰানত অল আউট হয়। হাৰ্দিক পাণ্ডিয়াই ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।

    চেম্পিয়নছ ট্ৰফী ২০১৭-২০১৬ত ধাৱন-ৰোহিতৰ প্ৰদৰ্শন 

    প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত আছিল ভাৰতৰ শিখৰ ধাৱন আৰু ৰোহিত শৰ্মা। ধাৱনে ৩৩৮ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ৰোহিত শৰ্মাই ৩০৪ ৰান সংগ্ৰহ কৰিছিল। এই তালিকাত তিনি নম্বৰ স্থানত আছিল বাংলাদেশী খেলুৱৈ তামিম ইকবাল। তেওঁ ২৯৩ ৰান সংগ্ৰহ কৰিছিল।

    এতিয়া ভাৰতীয় দলটোৱে ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব -

    চেম্পিয়নছ ট্ৰফী ২০২৫ত এতিয়ালৈকে সকলো খেলতে জয়লাভ কৰিছে ভাৰতে। প্ৰথমখন মেচত ভাৰতে বাংলাদেশক পৰাস্ত কৰিছিল। ইয়াৰ পিছত পাকিস্তান পৰাজিত হয়। গ্ৰুপৰ তৃতীয়খন খেলত নিউজিলেণ্ডক পৰাস্ত কৰিছিল টিম ইণ্ডিয়াই। ইয়াৰ পিছত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় পঞ্জীয়ন হয়। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে আকৌ এবাৰ খেলপথাৰত নামিব টীম ইণ্ডিয়া । ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক বেয়াকৈ পৰাস্ত কৰে।