• শচীন-গাংগুলীৰ যুটিৰ ভৱিষ্যত হিচাপে আত্মপ্ৰকাশ কৰিছে শুভমন আৰু যশস্বীয়ে; দাবী ভূতপূৰ্ব ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ

    ক্ৰীড়া
    শচীন-গাংগুলীৰ যুটিৰ ভৱিষ্যত হিচাপে  আত্মপ্ৰকাশ কৰিছে শুভমন আৰু যশস্বীয়ে; দাবী ভূতপূৰ্ব ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ
    ডিজিটেল ডেস্কঃ ভাৰতৰ যুৱ বেটছমেন যশস্বী জয়ছোৱালে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চতুৰ্থ টি-২০ মেচত ৮৪ ৰানৰ অপৰাজিত ইনিংছ প্ৰদৰ্শন কৰে। শুভমন গিলেও তেওঁক এইক্ষেত্ৰত বহু সমৰ্থন আগবঢ়াই। গিলেও মেচখনত ৭৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বহু সময়ত গিলে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ভাৰতীয় ক্ৰিকেটাৰ ৰবিন উথাপ্পাই এই দুগৰাকী খেলুৱৈক লৈ ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উথাপ্পাই কয় যে যশস্বী আৰু শুভমনে টিম ইণ্ডিয়াৰ পৰৱৰ্তী সৌৰভ গাংগুলী আৰু শচীন তেণ্ডুলকাৰ হ’ব পাৰে।

    ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি উথাপ্পাই কয় যে টিম ইণ্ডিয়াৰ হৈ খেলা প্ৰতিজন খেলুৱৈৰ ক্ষমতা প্ৰায় একেই। কিন্তু শুভমন আৰু যশস্বীৰ বেটিং বেলেগ স্তৰত। এই দুয়োজনে ইজনে সিজনৰ বাবে বেটিং কৰিব পাৰে পাৰে। যদি এই দুয়োজনে এনেদৰে খেলি থাকে, তেন্তে অনাগত সময়ত ভাৰতৰ আটাইতকৈ বিপজ্জনক যুটি হ’ব৷ এই দুই উদীয়মান তাৰকা ভাৰতৰ বাবে সৌৰভ গাংগুলী আৰু শচীন তেণ্ডুলকাৰৰ দৰে হ’ব পাৰে।

    শুভমনে এই পৰ্যন্ত টিম ইণ্ডিয়াৰ হৈ ২৭ খন এদিনীয়া খেলিছে। এই সময়ছোৱাত তেওঁ ৪টা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰে। লগতে তেওঁ দ্বৈত শতক অৰ্জন কৰিছে। এই ফৰ্মেটত গিলে ১৪৩৭ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ২০৮ ৰান। ১০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ২৯৫ ৰান সংগ্ৰহ কৰিছে। এই ফৰ্মেটত এটা শতক আৰু এটা অৰ্ধশতক অৰ্জন কৰিছে। গিলে ১৮খন টেষ্ট মেচত ৯৬৬ ৰান সংগ্ৰহ কৰিছে।

    যশস্বীৰ কথা কওঁতে তেওঁ এতিয়াও বহু সুযোগ পোৱা নাই। যশস্বীয়ে ২ খন টেষ্ট মেচত ২৬৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ এটা শতক অৰ্জন কৰিছে। তেওঁ ২ খন টি-২০ মেচত ৮৫ ৰান সংগ্ৰহ কৰিছে।তদুপৰি ঘৰুৱা মেচত যশস্বীয়ে ফলপ্ৰসূ প্ৰদৰ্শন আগবঢ়াইছে।