• অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেয়িং ১১ কি হ’ব? বৰুণ চক্ৰৱৰ্তীয়ে পাব নে সুযোগ?

    ক্ৰীড়া
    অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেয়িং ১১ কি হ’ব? বৰুণ চক্ৰৱৰ্তীয়ে পাব নে সুযোগ?
    ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিব অষ্ট্ৰেলিয়াই। মঙলবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দুয়োটা দলৰ মাজত মুখামুখি হ’ব। ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে জয়লাভ কৰিছিল। বাংলাদেশৰ বাহিৰেও ভাৰতীয় দলটোৱে পাকিস্তান আৰু নিউজিলেণ্ডক পৰাস্ত কৰে। 

    আচলতে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীক হৰ্ষিত ৰানাৰ ঠাইত নিউজিলেণ্ডৰ বিৰুদ্ধে প্লেয়িং ১১ত অন্তৰ্ভুক্ত কৰা হৈছিল। আনহাতে ইয়াৰ পূৰ্বে বেগী বলাৰ হৰ্ষিত ৰাণাই বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে খেলিছিল। এতিয়া প্ৰশ্ন হয় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্লেয়িং ১১ত কোন থাকিব?

    অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত হৰ্ষিত ৰানা পুনৰ টিম ইণ্ডিয়াৰ প্লেইং ১১লৈ ঘূৰি আহিবনে? নে বৰুণ চক্ৰৱৰ্তীয়ে খেলিব? অৱশ্যে এই সন্দৰ্ভত সন্দেহ অব্যাহত আছে যদিও বহু প্ৰাক্তন ক্ৰিকেটাৰৰ মতে ভাৰতে হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী দুয়োকে প্লেয়িং ১১ খেলিব লাগে। একে সময়তে মহম্মদ শ্বামীক জিৰণি দিব পাৰি। অৱশ্যে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু দল পৰিচালনাই কি সিদ্ধান্ত লয় সেয়া চাবলৈ আগ্ৰহী ক্ৰিকেট অনুৰাগী? ইয়াৰ বাহিৰেও ভাৰতীয় বেটিং অৰ্ডাৰ সলনি হোৱাৰ সম্ভাৱনা অতি কম।